দলীয় নেতাৰ কাম-কাজক লৈ প্ৰতিবেদনঃ ৱেবছাইটত মুকলি বিজেপিৰ

দলীয় নেতাৰ কাম-কাজক লৈ প্ৰতিবেদনঃ ৱেবছাইটত মুকলি বিজেপিৰ

দলীয় নেতাৰ কাম-কাজক লৈ প্ৰতিবেদন, ৱেবছাইটত মুকলি বিজেপিৰ । ৰাজ্যিক বিজেপিয়ে দেওবাৰে দলীয় জনপ্ৰতিনিধি আৰু কাৰ্যকৰ্তাসকলৰ কাম-কাজৰ প্ৰতিবেদন জমা দিব পৰা এটা বিশেষ ৱেবছাইট মুকলি কৰে।‌ দলৰ ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা ৱেবছাইটতো হ' www.reportcard100plus.in

ৱেবছাইটটো মুকলি কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে এই ৱেবছাইটৰ জৰিয়তে দলৰ কৰ্মী, কাৰ্যকৰ্তা আৰু জনসাধাৰণে তেওঁলোকৰ মত ব্যক্ত কৰিব পাৰে। তেওঁ কয় যে ৱেবছাইটটোৰ বাবে ইতিমধ্যে বিভিন্ন মতামত গ্ৰহণ কৰা হৈছে।

ইয়াৰ আগমূহুৰ্তত দলৰ অনলাইন সংস্কৰণ 'অসমীয়া বিজেপি বাৰ্তা' মুকলি কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে। তদুপৰি দলৰ মাহেকীয়া মুখপত্ৰখনৰ চলিত মাহৰ সংখ্যাটো উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

পাছত সংবাদ মাধ্যমৰ আগত দাসে কয়, "আমি ৰাজ্যৰ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ‌ বাবে দলৰ প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰিম । তদুপৰি মিত্ৰতাৰ নীতি অনুসৰি আমি প্ৰথমেই তিনি খন আসনৰ এখন বি পি এফক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো"।‌

নিৰ্বাচন আসন্ন হোৱা ৰাজ্যসভাৰ এই তিনিখন আসন সন্দৰ্ভত দাসে লগতে কয়,"আমি বিৰোধীৰ কৌশলৰ ওপৰতো সূক্ষ্ম দৃষ্টি ৰাখিছোঁ "।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণৰ প্ৰতিক্ৰিয়া সম্পৰ্কে দাসে কয় যে "বিৰোধী দলৰ দ্বাৰা বৰ্তমান ৰাজ্যৰ ৮টা সমষ্টিত হোৱা যাত্ৰাত গম পাইছো যে কা- জনসাধাৰণে বুজি পাইছে। আমাৰ দলৰ কৰ্মী আৰু জনসাধৰণে কা সম্পৰ্কে মোৰ লগত মতামত প্ৰকাশ কৰিছে। তেওঁলোকে বুজি পাইছে যে কা- ৰাজ্যৰ বাবে হানিকাৰক নহয় । তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকক বিপথে পৰিচালিত কৰিছে"। ইপিনে, তেওঁ সমষ্টি পুনৰনিৰ্ধাৰণৰ পদক্ষেপক আদৰণী জনায়।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন তিনিখন ৰাজ্যৰ নিৰ্বাচন সংক্ৰান্তত দাসে কয় যে, " আমি সিদ্ধান্তটো আদৰণি জনাইছোঁ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fans of Zubeen Garg prays for his early recovery in Gohpur, Watch here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com