ভোগালী বিহুৰ বজাৰৰ লগত সমান্তৰাল ভাৱে চলি আছে কা-ৰ বিৰুদ্ধে প্ৰতিবাদ

ভোগালী বিহুৰ বজাৰৰ লগত সমান্তৰাল ভাৱে চলি আছে কা-ৰ বিৰুদ্ধে প্ৰতিবাদ

ভোগালী বিহুৰ বজাৰৰ লগত সমান্তৰাল ভাৱে চলি আছে কা-ৰ বিৰুদ্ধে প্ৰতিবাদ। অসমীয়াৰ সংস্কৃতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মাঘ বিহু অৰ্থাৎ ভোগালী বিহুলৈ মাত্ৰ এদিন বাকী। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ লগতে চহৰৰবাসীৰ মাজত দেখা গৈছে বিহুৰ ব্যস্ততা । যি নহওক , অসমৰ খিলঞ্জীয়া লোক সকল নাগৰিকত্ব সংশোধনী আইন স্বীকাৰ কৰিবলৈ সাজু নহয় ।

ভোগালী বিহুৰ ওপৰত ভিত্তি কৰিয়েই গুৱাহাটীৰ বিভিন্ন ঠাই খানাপাৰা, গণেশগুৰি,আমবাৰী আদিত অস্থায়ী দোকান পোহৰ দেখা গৈছে। এই বিপনী সমূহত বিভিন্ন অসমীয়া থলুৱা খাদ্য পিঠা, লাড়ু, দৈ সান্দহ , বৰা চাউল আদি বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে । কিন্তু ইয়াৰ মাজতো দেখা গৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ। ব্যৱসায়ী সকলে নিজৰ বিপনীৰ সন্মুখত বিভিন্ন ধৰণৰ নাগৰিকত্ব সংশোধনী আইন‌ বিৰোধী বেনাৰ লগোৱা দেখা গৈছে ।

ব্যৱসায়ী সমূহৰ মাজৰ পৰাই দুলুমণি হাজৰিকা নামৰ এজনে দ্যা চেন্টিনেলৰ আগত কয় যে অসমে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন গ্ৰহন নকৰে । তেওঁ কয় যে " চৰকাৰে ই যিমানেই আইন খন জাপি দিয়াৰ চেষ্টা নকৰক কিয় আমি এই আইন মানি নলও । বিহু আমাৰ সংস্কৃতি। আমি ভোগালীৰ বজাৰৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিও যায়" ।

আন এজন ব্যৱসায়ীয়ে কয় যে " অসম এখন সমৃদ্ধ ৰাজ্য । এতিয়া সময় সমাগত যে আমি আমাৰ সাংস্কৃতিক অস্তিত্বৰ কথা চিন্তা কৰিব লাগে । আমি লখিমপুৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছো আৰু আমাৰ ট্যাগ লাইন হ'ল 'চিৰ চেনেহী মোৰ ভাষা জননী' । আমি কোনোৱে অসমীয়াৰ অস্তিত্বত ব্যাঘাত জন্মাবলৈ নিদিও " ।

ভোগালী মেলা বিভিন্ন ধৰণৰ পিঠা, লাড়ু, দৈ, ক্ৰীম, বৰা চাউল আদিৰে ভৰি পৰিছে । এই খাদ্য সমূহৰ দাম ১০০ ৰ পৰা ২০০ ৰ ভিতৰত । তদুপৰি দৈ গাখীৰৰ দাম যদি প্ৰতি লিটাৰত ১৫০ আনহাতে প্ৰতি কিলো ক্ৰীমৰ দাম ৫০০ ।

তদুপৰি ব্যৱসায়ী সকলে জনোৱা অনুসৰি বিগত বৰ্ষত কৈ কিছুমান খাদ্যৰ দাম চলিত বৰ্ষত বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com