প্ৰথম বাৰৰ বাবে বিকি কৌশলক দেখা যাব ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ।বিকি কৌশলক এইবাৰ দেখা যাব এক ভৌতিক ছবিত । জনপ্ৰিয় অভিনেতা বিকি কৌশলৰ এইখন প্ৰথম ভৌতিক ছবি। আহিবলগীয়া এই ছবি খনৰ নাম হ'ল 'ভূত পাৰ্ট ১,দা হানটেড শ্বিপ' । আহিবলগীয়া ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপৰ প্ৰযোজনা কৰিছে কৰণ জোহৰ , অপূৰ্ব মেহতা আৰু শশাংক খেইটানে ।
ইতিমধ্যে ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপৰ পোষ্টাৰ মুক্তি লাভ কৰিছে । এই ছবি খনৰ এখন পোষ্টাৰত বিকি কৌশলক দেখা গৈছে যে তেওঁ মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছে আৰু তেওঁৰ পিছপিনে দেখা যায় এটা প্ৰেতাত্মাক ।
https://twitter.com/vickykaushal09/status/1222744875826700288
ছবি খনৰ আন এখন পোষ্টাৰত দেখা গৈছে যে বিকি কৌশলে চিঞৰি আছে কিয়নো বহু কেইখন হাতে আৱৰি আছে বিকি কৌশলক আৰু ডিঙি চেপাৰ চেষ্টা কৰিছে ।
https://twitter.com/vickykaushal09/status/1222744757962563584
ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ' ৰ নিৰ্দেশনা কৰিছে ভানু প্ৰতাপ সিং আৰু ভূমি পেডনাকৰ । লগতে সংগীত পৰিচালনা কৰিথে টানিছেক বাগছী, ৰাম ছামপথ, প্ৰশান্ত পিল্লাই , শচীন্ত ৱালহাৰাই ।
চলচ্চিত্ৰ খন প্ৰচাৰৰ কৰাৰ সময়ত ধৰ্মা প্ৰডাকচনৰ লগ'টো আন্ধাৰত মাজত দেখা গৈছে ।
ছবি খন সম্পৰ্কে ছবি নিৰ্মাতা কৰণ জোহৰে টুইটাৰত ইতিমধ্যে পোষ্ট শ্বেয়াৰ কৰিছে।
উল্লেখযোগ্য যে ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ' মুক্তি লাভ কৰিব ২০২০ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে।
বিকি কৌশল এক জনপ্ৰিয় অভিনেতা। অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিকি কৌশলে । বিকি কৌশলে তেওঁৰ ছবি 'উৰি' ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি অভিনেতা বিকি কৌশলে মনমৰ্জিয়া, ৰাজী , চঞ্জু, লাষ্ট ষ্ট'ৰিজ , আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় প্ৰদৰ্শন কৰিছে। বিভিন্ন ছবিৰে দৰ্শকৰ সমাদাৰ লাভ কৰিবলৈ সক্ষম হোৱা বিকি কৌশলৰ পৰৱৰ্তী ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ' য়ে কিমান খিনি জনপ্ৰিয়তা লাভ কৰে সেয়া হ'ব লক্ষনীয়।
অন্য খবৰৰ বাবে পঢ়ক : জনপ্ৰিয় অভিনেত্ৰী তাপচী পান্নুৰ আহিবলগীয়া ছবি ‘থপ্পড়’ ৰ প্ৰথম লুক মুক্তি