Begin typing your search above and press return to search.

জনপ্ৰিয় অভিনেত্ৰী তাপচী পান্নুৰ আহিবলগীয়া ছবি 'থপ্পড়' ৰ প্ৰথম লুক মুক্তি

জনপ্ৰিয় অভিনেত্ৰী তাপচী পান্নুৰ আহিবলগীয়া ছবি থপ্পড় ৰ প্ৰথম লুক মুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2020 11:40 AM GMT

জনপ্ৰিয় অভিনেত্ৰী তাপচী পান্নুৰ আহিবলগীয়া ছবি 'থপ্পড়' ৰ প্ৰথম লুক মুক্তি। তাপছী পান্নুয়ে তেওঁৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰি আহিছে। আহি আছে তাপছী পান্নুৰ নতুন ছবি "থপ্পড়'' । অভিনেত্ৰী তাপছী পান্নুয়ে আহিবলগীয়া ছবিৰ ঘোষনা কৰে । লগতে এই ছবি খনৰ পোষ্টাৰ ও মুক্তি লাভ কৰে। ছবি খনৰ পোষ্টাৰ ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে লগতে দৰ্শক সকলেও যথেষ্ট খিনি ভাল পাইছে তাপছী পান্নুৰ নতুন ছবি 'থপ্পড়' ৰ পোষ্টাৰ । জানিব পৰা মতে এই ছবি খন মুক্তি লাভ কৰিব ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে। তাৰ পূৰ্বে আজি ছবি খনৰ নিৰ্মাতাই ছবি খনৰ পোষ্টাৰ মুকলি কৰে ।

https://www.instagram.com/p/B77x2-JJhtd/?utm_source=ig_web_copy_link

তদুপৰি অভিনেত্ৰী তাপছী পান্নুয়ে ছবি খনৰ পোষ্টাৰ ছ'চিয়েল মিডিয়া প্ৰচাৰ কৰে আৰু লিখে যে , " কিয় এয়া মাত্ৰ সাধাৰণ কথা? প্ৰেমত সকলো উচিত নেকি? এয়া থপ্পড়ৰ প্ৰথমটো প্ৰকাশ" ।

এই ছবি খনৰ পৰিচালনা কৰিছে অনুভৱ সিহ্নাই । লগতে প্ৰয়োজনা কৰিছে অনুভৱ সিহ্না, ৰিতেশ ছাহ আৰু হুচেইন দালালে ।

উল্লেখযোগ্য যে ছবি নিৰ্মাতা অনুভৱ সিন্হাই এই ছবি খনৰ ট্ৰেইলৰ ৩১জানুৱাৰী তাৰিখে প্ৰকাশ কৰিব । ছবি খনৰ পোষ্টাৰত থকা বাক্যটোৱে দৰ্শকক ছবি খন সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰাইছে ।

তাপছী পান্নুৰ ছবি সমগ্ৰ ছবি জগতত এক বিশেষ স্থান লাভ কৰিছিল । এইবাৰ থপ্পড়ৰ জৰিয়তে আকৌ এবাৰ ছবি জগতত নতুনত্ব অনাৰ প্ৰয়াস ছবি নিৰ্মাতা অনুভৱ সিন্হাৰ ।ছবি নিৰ্মাতা অনুভৱ সিন্হাৰ আন এখন ছবি 'আৰ্টিকেল ১৫' ও‌ দৰ্শকৰ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। লগতে সমীক্ষকৰ প্ৰশংসাও লাভ কৰিছিল ছবি খনে । এই ছবি খন বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত আছিল।

আৰ্টিকল ১৫ ৰ পিছতেই অনুভৱ সিন্হা আকৌ এবাৰৰ থপ্পড় ছবিৰ লগত আহি আছে বলিউডৰ মাজলৈ ।

আহিবলগীয়া ছবি থপ্পড়ত তাপছী পান্নুৰ লগতে অভিনয় কৰিব পভীল গুজৰাটী, টানভী আমিজ, নাইলা গ্ৰীৱাল, সূশীল দাহিয়া আৰু বহুতো বিশিষ্ট অভিনেতা অভিনেত্ৰী ।

তাপচী পান্নু এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তাপছী পান্নুয়ে পিংক , নাম ছাভানা, বেবী, বদলা , মিছন মংগল, মনমৰ্জিয়া আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় প্ৰদৰ্শন কৰিছে । বলিউডৰ লগতে বহু তামিল ছবিটো অভিনয় কৰিছে তাপছী পান্নুয়ে। তদুপৰি অভিনেত্ৰী গৰাকীয়ে 'চাব্বাছ মিথু' নামৰ আন এখন ছবিত অভিনয় প্ৰদৰ্শন কৰিব‌। এই ছবিখন ইণ্ডিয়া মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজৰ ওপৰত আধাৰিত।

অন্য খবৰৰ বাবে পঢ়ক : ছলমান খানৰ নতুন ছবি ৰাধেৰ ২০ মিনিট হ’ব বিশেষ, কি আছে ছবি খনত

ভিডিঅ প্ৰতক্ষ্য কৰক : Watch | Saraswati Puja Celebration from Railway Higher Secondary School in Maligaon, Guwahati

Next Story
চাকৰি