Begin typing your search above and press return to search.

মুক্তি পালে বিকি কৌশলৰ ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপৰ ট্ৰেইলাৰ

মুক্তি পালে বিকি কৌশলৰ ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপৰ ট্ৰেইলাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 10:23 AM GMT

মুক্তি পালে বিকি কৌশলৰ ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপৰ ট্ৰেইলাৰ । বলিউডৰ অতি জনপ্ৰিয় অভিনেতা বিকি কৌশল। আহি আছে বিকি কৌশলৰ‌ নতুন ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপ।

এই ছবি খনৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছে ‌মুক্তি লাভ কৰাৰ পিছতেই ছবি খনৰ ট্ৰেইলৰ ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈ পৰিছে।‌ ভৌতিক ছবি ভূত পাৰ্ট ১: দা হনটেড শ্বিপৰ ট্ৰেইলৰ ২.৫২ মিনিটৰ। এই ২.৫২ মিনিটৰ ট্ৰেইলৰ দেখিয়েই গাৰ নোম সিয়ৰি উঠিব আপোনাৰ । ছবি খনৰ ট্ৰেইলৰ অতি ভয়ানক ।

ট্ৰেইলৰত দেখিব পোৱা অনুসৰি ছবি খনৰ কাহিনী চি ৱাৰ্ড নামৰ জাহাজ এখনৰ ওপৰত । এই জাহাজখন বেয়া বতৰৰ বাবে আহি মুম্বাইৰ জুহু বিছ পায় । কিন্তু আচৰিত কথা এয়াই যে জাহাজখনত এটাও মানুহ নাছিল । তাৰ পিছতেই পৃথৱী , চি ৱাৰ্ডৰ এজন অধিকাৰী তেওঁ সেই জাহাজখনৰ ভিতৰত যায় । এই ছবি খনত পৃথৱীৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিছে বিকি কৌশলে। পৃথৱীয়ে জাহাজখনৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই আৰম্ভ হয় ভয়ানক খেল । এই ছবি খনৰ ট্ৰেইলৰ চোৱাৰ পিছত বহুতেই কৈছে যে বহু বছৰ পিছত বলিউডত ভাল ভূতৰ ছবি আহিছে।

https://youtu.be/ELcRnZ3kP08

ধৰ্মা প্ৰডাকচনৰ এই ছবি খনত বিকি কৌশলৰ‌ লগত অভিনয় কৰিব অভিনেত্ৰী ভূমি পাডনেকাৰো ।

ভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ’ ৰ নিৰ্দেশনা কৰিছে ভানু প্ৰতাপ সিং আৰু ভূমি পেডনাকৰ । লগতে সংগীত পৰিচালনা কৰিথে টানিছেক বাগছী, ৰাম ছামপথ, প্ৰশান্ত পিল্লাই , শচীন্ত ৱালহাৰাই ।

উল্লেখযোগ্য যে জনপ্ৰিয় অভিনেতা বিকি কৌশলৰ এইখন প্ৰথম ভৌতিক ছবি । ইয়াৰ আগতে বিকি কৌশলে বিভিন্ন ছবিত অভিনয় কৰিছিল যদিও কোনো ভৌতিক ছবিত অভিনয় কৰা নাছিল । বিকি কৌশল‌এগৰাকী উচ্চ স্তৰৰ অভিনেতা। বিগত বৰ্ষত বিকি কৌশলে তেওঁৰ ছবি 'উৰি' ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

কিছুদিন পূৰ্বে এই ছবি খনৰ পোষ্টাৰো মুক্তি লাভ কৰিছিল। এই পোষ্টাৰ সমূহেও দৰ্শকৰ মাজত যথেষ্ট সমাদাৰ লাভ কৰে।

উল্লেখযোগ্য যে ভৌতিক ছবিভৌতিক ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ মুক্তি লাভ কৰিব ২০২০ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে।বিভিন্ন ছবিৰে দৰ্শকৰ সমাদাৰ লাভ কৰিবলৈ সক্ষম হোৱা বিকি কৌশলৰ পৰৱৰ্তী ছবি ভূত পাৰ্ট ১,দা হানটেড শ্বিপ’ য়ে কিমান খিনি জনপ্ৰিয়তা লাভ কৰে সেয়া হ’ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : অক্ষয় কুমাৰ আৰু বিয়েৰ গ্ৰীলছে সমাপ্ত কৰিলে মেন ভাৰ্ছেছ ৱাইল্ড শ্বুটিং

ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP not to take part in active politics, says GS Palash Changmai

Next Story
চাকৰি