Begin typing your search above and press return to search.

অক্ষয় কুমাৰ আৰু বিয়েৰ গ্ৰীলছে সমাপ্ত কৰিলে মেন ভাৰ্ছেছ ৱাইল্ড শ্বুটিং

অক্ষয় কুমাৰ আৰু বিয়েৰ গ্ৰীলছে সমাপ্ত কৰিলে মেন ভাৰ্ছেছ ৱাইল্ড শ্বুটিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2020 11:53 AM GMT

অক্ষয় কুমাৰ আৰু বিয়েৰ গ্ৰীলছে সমাপ্ত কৰিলে মেন ভাৰ্ছেছ ৱাল্ডৰ শ্বুটিং । বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হ'ল অক্ষয় কুমাৰ । অভিনেতা অক্ষয় কুমাৰৰ সমান্তৰাল ভাৱে জনপ্ৰিয় , জংঘলৰ ৰজা খ্যাত বিয়েৰ গ্ৰীলছ । কিছুদিন পূৰ্বে মেন ভাৰ্চেচ ৱাইল্ডত দেখা গৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

এইবাৰ মেন ভাৰ্চেচ ৱাইল্ডৰ খণ্ডৰ বাবে শ্বুটিং কৰিছে অক্ষয় কুমাৰে। তদুপৰি দেখা যাব ৰজনীকান্তকো।

এই শ্বুটিং সম্পন্ন হৈছে কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত। শুকুৰবাৰে মেন ভাৰ্চেচ ৱাইল্ডৰ বাবে শ্বুটিং কৰা হয় । জানিব পৰা মতে এই শ্বুটিংৰ বাবে দুদিনৰ অনুমতি বিচাৰিছিল , সেই মৰ্মেই ২৮ জানুৱাৰী আৰু ৩০ জানুৱাৰী তাৰিখে শ্বুটিং কৰিবলৈ অনুমতি লাভ কৰিছিল। তাৰ পিছতেই জনপ্ৰিয় অভিনেতা ৰজনীকান্ত আৰু অভিনেতা অক্ষয় কুমাৰে এই দুটা দিনত শ্বুটিং কৰে ।

উল্লেখযোগ্য যে এই পাৰ্ক খন ৮৭৪ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।

অক্ষয় কুমাৰ‌ বলিউডৰ এজন জনপ্ৰিয় অভিনেতা ।বিভিন্ন ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে বলিউডৰ অভিনেতা অক্ষয় কুমাৰে। বিভিন্ন সময়ত দৰ্শকৰ মাজত বিভিন্ন ছুপাৰ হিট ছবি আগবঢ়াইছে দৰ্শকৰ মাজলৈ। মেন ভাৰ্ছেছ ৱাইল্ড আহিবলগীয়া এই শ্বুটিং খণ্ড সমূহ কেতিয়া প্ৰচাৰ হ'ব সেয়া গম পোৱা হোৱা নাই।

আনহাতে, ছুপাৰ ষ্টাৰ ৰজনীকান্তো সকলোৰে প্ৰিয় । ছুপাৰ ষ্টাৰ ৰজনীকান্তে বিভিন্ন জনপ্ৰিয় ছবিৰে দৰ্শকৰ মাজত এক উচ্চ স্থান লাভ কৰিছে । তামিল ছবিৰ লগতে বহু হিন্দী ছবিতো অভিনয় কৰিছে ছুপাৰ ষ্টাৰ ৰজনীকান্তে ।

ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত বিয়েৰ গ্ৰীলছে এক শ্বুটিং সম্পন্ন কৰিছিল । যি খণ্ডটি সকলোৱে যথেষ্ট পৰিমাণে ভাল পাইছিল। প্ৰধান মন্ত্ৰীৰ সৈতে থকা খণ্ডটি বিশ্বৰ ১৮০ খন দেশত প্ৰচাৰ কৰা হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক : তাপচী পান্নুৰ আহিবলগীয়া ছবি থপ্পড় ৰ ট্ৰেইলৰ মুক্তি, ছ’চিয়েল মিডিয়াত ভাইৰেল

ভিডিঅ প্ৰতক্ষ্য কৰক : NSUI unit in Guwahati demands immediate release of Youth Congress leaders

Next Story
চাকৰি