Begin typing your search above and press return to search.

তাপচী পান্নুৰ আহিবলগীয়া ছবি থপ্পড় ৰ ট্ৰেইলৰ মুক্তি, ছ'চিয়েল মিডিয়াত ভাইৰেল

তাপচী পান্নুৰ আহিবলগীয়া ছবি থপ্পড় ৰ ট্ৰেইলৰ মুক্তি, ছচিয়েল মিডিয়াত ভাইৰেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2020 10:54 AM GMT

তাপচী পান্নুৰ আহিবলগীয়া ছবি থপ্পড় ৰ ট্ৰেইলৰ মুক্তি, ছ'চিয়েল মিডিয়াত ভাইৰেল । চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তাপচী পান্নু । বিভিন্ন ছবিৰে দৰ্শকৰ মন জয় কৰি অহা তাপছী পান্নুয়ে অতি কম সময়ৰ ভিতৰতে ছবি জগতত এক উচ্চ স্থান দখল কৰিবলৈ সক্ষম হয়। আহি আছে তাপছী পান্নুৰ নতুন ছবি থপ্পড়। কিছুদিন পূৰ্বে এই ছবি খনৰ পোষ্টৰ মুক্তি লাভ কৰে। ছবি খনৰ পোষ্টাৰ জনসাধাৰণে যথেষ্ট খিনি ভাল পায় ।

তাৰ পিছতেই ৩১ জানুৱাৰী তাৰিখে ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰে। এই ছবি খনত তাপছী পান্নুয়ে এগৰাকী গৃহিণীৰ‌ চৰিত্ৰত অভিনয় কৰা দেখা যায়। তেওঁ তেওঁৰ পৰিয়াল আৰু স্বামীক যথেষ্ট খিনি ভাল পায় কিন্তু এদিন তেওঁৰ স্বামীয়ে মৰা এটি চৰৰ বা থপ্পড়ৰ বাবে তেওঁ স্বামীৰ পৰি বিচ্ছিন্ন হ'ব বিচাৰে । এই থপ‌পড়টোৱে সলনি কৰা দিয়ে তাপছী পান্নুৰ জীৱন । ইয়াৰ বাবে তাপছীৰ যুঁজ ট্ৰেইলৰত দেখিবলৈ পোৱা যায়।

https://youtu.be/jBw_Eta0HDM

এই ছবি খনল ট্ৰেইলৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । ছ'চিয়েল মিডিয়াত তাপছী পান্নুয়ে লিখে যে, 'হয় কেৱল থপ্পড়, কিন্তু মাৰিব নোৱাৰে "।

আহিবলগীয়া ছবি থপ্পড়ত তাপছী পান্নুৰ লগতে অভিনয় কৰিব পভীল গুজৰাটী, টানভী আমিজ, নাইলা গ্ৰীৱাল, সূশীল দাহিয়া আৰু বহুতো বিশিষ্ট অভিনেতা অভিনেত্ৰী ।

এই ছবি খনৰ পৰিচালনা কৰিছে অনুভৱ সিহ্নাই । লগতে প্ৰয়োজনা কৰিছে অনুভৱ সিহ্না, ৰিতেশ ছাহ আৰু হুচেইন দালালে ।

জানিব পৰা মতে এই ছবি খন মুক্তি লাভ কৰিব ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে। তাৰ পূৰ্বে ছবি খনৰ নিৰ্মাতাই ছবি খনৰ পোষ্টাৰ আৰু ট্ৰেইলৰ মুক্তি কৰে । তদুপৰি দৰ্শকে যথেষ্ট আদৰি লৈছে ছবিখনৰ ট্ৰেইলৰ। পৰৱৰ্তী সময়ত দেখা যাব যে ছবি খন কিমান খিনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে তাপছী পান্নুয়ে আন‌ এক নাৰী প্ৰধান ছবি পিংকত অভিনয় কৰিছিল । এই ছবি খনৰ জৰিয়তে তেওঁ সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল যে " ন' মানে ন' "। এই ছবিখনত বিগ বি অমিতাভ বচ্চনে ও অভিনয় প্ৰদৰ্শন কৰিছিল। তদুপৰি দৰ্শকেও আদৰি লৈছিল ছবি খন ।

অন্য খবৰৰ বাবে পঢ়ক : এহাজাৰতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা ব্ৰহ্মানন্দম

ভিডিঅ প্ৰতক্ষ্য কৰক : NSUI unit in Guwahati demands immediate release of Youth Congress leaders

Next Story
চাকৰি