বিশ্বনাথত প্ৰথমবাৰৰ বাবে ৮ ৰ পৰা ১২ আগষ্ট’লৈকে বিশ্বনাথ ছবি মহোৎসৱৰ আয়োজন

বিশ্বনাথত প্ৰথমবাৰৰ বাবে ৮ ৰ পৰা ১২ আগষ্ট’লৈকে বিশ্বনাথ ছবি মহোৎসৱৰ আয়োজন

বিশ্বনাথ জিলাৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ৮ আগষ্ট’ত অৰ্থাৎ আজিৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ ভোলাগুৰি চাহ বাগিচাৰ পৰাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণৰ কাম ৷ইফালে সমাৰোহৰ ছবিসমূহ প্ৰদৰ্শিত হব বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজ শতৰূপা কমপ্লেক্সত ৷

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। সংবাদমেল সম্বোধন কৰি বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিত শইকীয়া, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া ৰাজীৱ কৈৰী আৰু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা বৰাই বিশ্বনাথত প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা এই মহোসৱৰ প্ৰতি জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ সকলোধৰণৰ সহায় সহযোগিতা কামনা কৰিছে ৷

সংবাদমেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য আৰু পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ লগতে আয়োজক সমিতিৰ বহুকেইগৰাকী সদস্য উপস্থিত থাকে। জনসংযোগ, বিশ্বনাথৰ যুটীয়া উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত চিনেক্লাৱ “টকীঘৰ”ৰ দ্বাৰা আয়োজিত এই সমাৰোহত মুঠ দহখনকৈ উচ্চমানৰ অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হব। ৮ আগষ্টৰ বিয়লি দুই বজাত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত অংশগ্ৰহণ কৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানৰ পিছতেই মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হব ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতি কেতেকী ”। সমাৰোহত প্ৰদৰ্শিত হবলগীয়া আন আন ছবিসমূহ হৈছে অনুপম কৌশিক বৰাৰ বৰনদী ভটিয়ায় , ভাস্কৰ হাজৰিকাৰ কথানদী, কংকন ডেকাৰ বিউটিফুল লাইভছ , দীপ চৌধুৰীৰ আলিফা , জয়চেং জয় দহোটীয়াৰ হান্দুক, মঞ্জুল বৰুৱাৰ কানীন , হিমজ্যোতি তালুকদাৰৰ কেলেণ্ডাৰ , বিশ্বজিত বৰাৰ ফেহুঁজালি আৰু ৰীমা বৰাৰ বকুল ।

উল্লেখযোগ্য যে প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱৰ অংশ হবলগীয়া এই প্ৰায়কেইখন ছবিয়েই দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হৈছে। মহোৎসৱৰ ছবিসমূহ উপভোগ কৰিবৰ বাবে আগ্ৰহী দৰ্শকক এক বিশেষ ফটো পৰিচয় পত্ৰ প্ৰদান কৰা হব। ইয়াৰ বাবে তেওঁলোকে এক নিৰ্দিষ্ট পঞ্জীয়ন মাছুল জমা দি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ প্ৰ-পত্ৰসমূহ জিলাখনৰ বিভিন্ন স্থানত উপলব্ধ কৰা হৈছে।

এই স্থানসমূহ হৈছে বিশ্বনাথ চাৰিআলিৰ স্বস্তিকা প্ৰিণ্টাৰ্ছ, জুইচ বক্স, য়াম্মী কিটচেন, গ্ৰীণ চিলী ৰেষ্টুৰেণ্ট, ভোডাফোন, ৰয়েল পেলেচ আৰু পাপু ৰিফিলছ, বৰগাঙৰ শুভম হোটেল, গহপুৰৰ বিশাল হোটেল, কলাবাৰীৰ শইকীয়া বুক ষ্টল, চতিয়াৰ বক্সি হোটেল আৰু জামুগুৰিহাটৰ জয় হিন্দ পি চি অ’।

আনহাতেমহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে। ছবি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হ’ব সম্পূৰ্ণ বিনামূলীয়া। মহোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় উদীয়মান ফটোগ্ৰাফাৰসকলৰ এক চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে এই মহোসৱলৈ সকলোধৰণে সহযোগিতা আগবঢ়াইছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়েও।

ভিডিঅ প্ৰতক্ষ্য কৰক: Four Suspected ULFA(I) linkmen Apprehended by Dibrugarh Police

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com