বিশ্বনাথত স্বদেশীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ

বিশ্বনাথত স্বদেশীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ

বিশ্বনাথত স্বদেশীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ ৷ প্ৰাক্তন সেনা বিষয়া ছান্নাউল্লাহক বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ পাছত ,ৰাজ্যত ইজনৰ পাছত সিজনকৈ সৰ্বসাধাৰণ স্বদেশীক বিদেশী বুলি ইতিমধ্যে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে জিলা আৰক্ষীয়ে ৷ এইবাৰ আকৌ পোহৰলৈ আহিছে বিশ্বনাথৰ আনন্দ ঘোচ , প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ এই তিনি গৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পুৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ঘটনা ৷

সম্পূৰ্ণ যাৱতীয় নথি পত্ৰৰ লগতে জন্মৰ প্ৰমাণ পত্ৰ , ভোটাৰ আইডি, পেন কাৰ্ড , লিগেচি দাতা আদিবোৰ সম্পূৰ্ণ ভাৱে জমা কৰাৰ পাছতো সীমান্ত আৰক্ষীয়ে এই তিনি গৰাকী নাগৰিকক বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পিছতে বিপদত পৰিছে দুৰ্ভগীয়া পৰিয়াল তিনিটা ৷ বিশ্বনাথৰ বলোডঙাৰ ৩৩ বছৰীয়া আনন্দ ঘোচক প্ৰায় তিনি বছৰৰ পুৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল সীমান্ত আৰক্ষীয়ে ৷

আনহাতে বিশ্বনাথৰে প্ৰতাপগড় চাহবাগিচাৰ ৪০ বছৰীয়া অমিলা চাহক প্ৰায় 20 বছৰৰ আগতে শোণিতপুৰৰ ধলাইবিললৈ বিয়া হৈছিল ৷ তেওঁৰ পিতৃ স্বৰ্গীয় কেশৱ প্ৰসাদ গুপ্তাৰ ১৯৫১ৰ NRC ত নাম থকাই নহয়, তেওঁ লোকৰ পৰিয়াল ব্ৰিটিছৰ দিনৰে পৰাই অসমত আছিল ৷ আৰু বিশ্বনাথৰ কদমণি গাৱঁৰ ৬০ বছৰীয়া বৃদ্ধা গৰাকীৰ কল্পনা কৰ্মকাৰ চাহ জনগোষ্ঠীৰ এগৰাকী মহিলা ৷ সকলো নথি পত্ৰ থকাৰ পিছতো সীমান্ত আৰক্ষীয়ে ৩ মাহৰ পূৰ্বে বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে বৃদ্ধাগৰাকীক ৷

অন্যহাতে, সম্পূৰ্ণ নথিপত্ৰ থকাৰ পাছতো সাম্প্ৰতিক সময়লৈকে এই তিনি গৰাকী ভাৰতীয় নাগৰিকক মোকলাই নিদিয়াত পৰিয়ালৰ লোকসকলে উপায়ন্তৰহৈ স্থানীয় গাঁৱৰ ৰাইজৰ সহিতে এক সংবাদ মেলৰ আয়োজন কৰে ৷ প্ৰশ্ন কৰে যে ভাৰতবৰ্ষৰ নিজা মাতৃভূমি অসমত, তেওঁলোকৰ পৰিয়ালে যুগ যুগ ধৰি বসবাস কৰি অহাৰ পিছতো এইদৰে বিদেশী সজাই ডিটেনচন কেম্পত ৰখাটো কিমানদুৰ গ্ৰহণযোগ্য ? এইয়াই নেকি NRC ৰ শুধৰণি ? লগতে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে যে NRC কেন্দ্ৰত জমা দিবৰ বাবে সকলো নথিপত্ৰ শুধৰণিৰ বাবে অধিবক্তাৰ কাষ চাপিছিল৷ কিন্তু সময় মতে যাৱতীয় নথিপত্ৰ সমুহ NRC কেন্দ্ৰত জমা নকৰে অধিবক্তা সকলে ৷

এতিয়া পৰিয়াল আৰু গাঁৱৰ ৰাইজৰ অভিযোগ অধিবক্তাসকলে অৱহেলা কৰি আহিছে গাঁৱৰ লোকসকলক ৷ অন্যহাতে কল্পনা কৰ্মকাৰৰ পৰিয়াল আৰু ৰাইজৰ অভিযোগ তেওঁলোকৰ কিছু সংখ্যকৰ ভোটাৰ কাৰ্ড বৰ্তমানেও এজন অধিবক্তাই আৱদ্ধ কৰি ৰাখিছে ৷ সম্প্ৰতি পৰিয়ালৰলোক আৰু স্থানীয় ৰাইজৰ এটাই অনুৰোধ NRC প্ৰক্ৰিয়াটো শুদ্ধ হওঁক ৷ লগতে,এই দুৰ্ভগীয়া পৰিয়াল কেইটাৰ নথিপত্ৰসমুহ পুনৰ ভালদৰে এবাৰ পৰীক্ষা কৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা স্বদেশী নাগৰিক কেইগৰাকীক সোনকালে মোকলাই দিয়া আশা প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com