Begin typing your search above and press return to search.

কট্টাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে

কট্টাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 1:01 PM GMT

লোকসভাৰ নতুন অধ্যক্ষ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ কট্টাৰ সাংসদ ওম বিৰলাক এন ডি এয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰে। বৰ্তমানলৈকে আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰা নাই।

বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নাড্ডায়ে মংগলবাৰে আহ্বান কৰা বৈঠকত আজি ওম বিৰলাক উপস্থিত থকা পৰিলক্ষিত হয়। ইয়ে লোকসভা নতুন অধক্ষ্য হোৱাৰ দিশত ইংগিত বহন কৰিছে ।

নতুন অধক্ষ্য হোৱাৰ ক্ষেত্ৰত ওম বিৰলায়ে মন্তব্য কৰে যে , মই এই সম্পৰ্কত কোনো তথ্য লাভ কৰা নাই । মই এজন দলীয় কৰ্মকৰ্তা হিচাপে কাৰ্যনিৰ্বাহ সভাপতি গৰাকীক লগ পাব বিচাৰিছো বুলি প্ৰকাশ কৰে।

ওম বিৰলায়ে নতুন অধক্ষ্য হোৱাৰ বাতৰিটো প্ৰকাশ কৰিব বিচাৰা নাই কাৰণ, ই দলৰ নীতি আৰু নীতি আয়োগৰ বিৰুদ্ধে যাব । সেয়েহে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰিলেহে প্ৰকৃত তথ্য পোৱা যাব।

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল সুমিত্ৰা মহাজন । কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত সুমিত্ৰা মহাজনে নিৰ্বাচনত অবতীৰ্ণ নহল ।

ৰাজস্থানৰ সাংসদৰ পত্নী অমিতা বিৰলায়ে পৰোক্ষ ভাৱে এই মন্তব্য প্ৰকাশ কৰে । তেওঁ প্ৰকাশ কৰে যে ," এইটো আমাৰ বাবে গৌৰৱ আৰু সুখৰ খবৰ । আমি কেবিনেটৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক নিৰ্বাচিত কৰাৰ বাবে"।

যদি এন ডি এয় চৰকাৰে ওম বিৰলাক সমৰ্থন কৰে, তেন্তে তেওঁ অধক্ষ্য হবলৈ সহজ হৈ পৰিব । কাৰণ এন ডি এৰ সংখ্যা গৰিষ্ঠতা থকাৰ বাবে ওম বিৰলা অধক্ষ্য হিচাপে নিৰ্বাচিত হব । সূত্ৰয়ে জনোৱা মতে, বিৰোধীয়ে ওম বিৰলাক সমৰ্থন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে।

বিজু জনতা দল ( বিজেডি) য়ে ওম বিৰলাক লোকসভাৰ অধ্যক্ষ হিচাপে সমৰ্থন কৰিব । নেচনেল পিপলচ পাৰ্টি , মিজু নেচনেল ফন্ট, লোক জনশক্তি পাৰ্টি, YSR কংগ্ৰেছ পাৰ্টি , জে ডি ইউ, এ আই এ ডি এম কে, আপনা দল আৰু বি জে ডিয়ে ওম বিৰলাক সমৰ্থন কৰাৰ সম্ভাৱনা আছে।অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰ’টেম অধক্ষ্য হিচাপে বীৰেন্দ্ৰ কুমাৰক শপত বাক্য পাঠ কৰোৱাই।আজি বহুকেইজন সাংসদে নিজৰ মাতৃভাষাত শপত বাক্য পাঠ কৰে। তাৰ পাছতে মোদীৰ লগতে আন সদস্য সকলে শপত গ্ৰহণ কৰে।বুধবাৰে অধ্যক্ষ নিৰ্বাচন কৰা হব ।গণতন্ত্ৰত বিৰোধীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সোমবাৰে প্ৰকাশ কৰে যে বিৰোধীয়ে আসনৰ চিন্তা কৰাৰ সলনি লোকসভাত সক্ৰিয় ভাৱে অংশগ্ৰহন কৰিবলৈ আহ্বান জনাই।

১৭ সংখ্যাক লোকসভাৰ প্ৰথম দিনা শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে প্ৰকাশ কৰে যে , এখন গণতান্ত্ৰিক দেশৰ বাবে সদনত বিৰোধী আৰু সক্ৰিয় বিৰোধীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

অধিক খবৰৰ বাবে পঢ়ক:১৭ সংখ্যক লোকসভা প্ৰথম অধিবেশন আৰম্ভ: প্ৰধানমন্ত্ৰী , আন সদস্যৰ শপত গ্ৰহণ

Next Story
চাকৰি