ভাৰতীয় জনতা দলত বিটিএডি অঞ্চলৰ নেতাসকলক লোৱা হ’বঃবিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

ভাৰতীয় জনতা দলত বিটিএডি অঞ্চলৰ নেতাসকলক লোৱা হ’বঃবিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

ভাৰতীয় জনতা দলত বিটিএডি অঞ্চলৰ নেতাসকলক লোৱা হ’ব ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাসে বুধবাৰে মন্তব্য কয় যে বিটিএডি অঞ্চলৰ বাহিৰে ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক দলৰ সদস্যতা দিয়া বন্ধ হ’ব বুলি ঘোষণা কৰে ।দলৰ সাংগঠনিক নিৰ্বাচন চলি থকা পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এই ঘোষণাৰ পিছতে দলৰ বহু জেষ্ঠ্য নেতাৰ আশংকা দূৰ হয় ৷

কাৰণ তেওঁলোকে কংগ্ৰেছৰ পৰা যিসকল নেতাই বিজেপিত যোগদান কৰিছিল সেই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷আনহাতে বিজেপিত বহু সময়ৰ পৰা দলটোক সুপৰিচালিত কৰা নেতাসকলে সম্প্ৰতি কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু শান্তিয়াছ কুজুৰ আৰু প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী গৌতম ৰয়ে বিজেপিত যোগদান কৰাৰ পিছত অসুৰক্ষিত অনুভৱ কৰিছে ৷

অৱশ্য ৰঞ্জিত কুমাৰ দাসে কয় যে বড়োলেণ্ডৰ ৰাজনৈতিক নেতাসকলৰ কাৰণে দলৰ দুৱাৰ মুকলি আছে । দাসে লগতে কয় যে বিজেপিৰ দুৱাৰ শিক্ষা,সংস্কৃতি,উদ্যোগ,কৃষি আদিৰ লগত জৰিত লোকসকলৰ কাৰণে খোলা আছে। উল্লেখ্য যে ৰঞ্জিত দাসে কয় যে প্ৰায় ১৭ লাখ লোকে বিজেপিত সম্প্ৰতি যোগদান কৰিছে ৷

ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমন বিজেপি ৷ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজ্যত দলৰ ১১ লাখ সদস্যৰ বিপৰীতে ১৫ লাখ সদস্যই যোগদান কৰিছে ৷ গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ীৰ ভৱনত সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰি ৰঞ্জিত কুমাৰ দাসে কয় যে সদস্যসকলৰ নামকৰণ অভিযান চলিত বৰ্ষৰ ৬ জুলাইত আৰম্ভ কৰে।

জনসাধাৰণে আহি দলত যোগদান কৰিছে ৷ ১১ লাখ সদস্য নতুন সদস্যৰ লগতে দলৰ কেডাৰ সকলে বিগত ডেৰ মাহৰ পৰা ৰাজ্যত কাম কৰি আছে ৷ দলৰ সদস্যসকলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কল্যানকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ ১৫ লাখ নতুন সদস্যক দললৈ স্বাগতম জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাসে কয় যে ৰাজ্যত বিজেপিৰ নেতা আৱশ্যক নাই , আৱশ্যক হৈছে বিজেপিৰ কেডাৰ বা কৰ্মকৰ্তাৰ ৷ বিৰোধী দল কংগ্ৰেছৰ পৰা সদস্য বিজেপিত অন্তৰ্ভূক্ত হৈছে বুলি প্ৰচাৰ লাভ কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এনে ধৰণৰ মন্তব্য বিশেষ ভাৱে গুৰুত্ব পূৰ্ণ হৈ পৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Wild elephant creates havoc in Nagaon town | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com