বিজেপিয়ে কেডাৰ বিচাৰে,নেতা নহয়ঃৰঞ্জীত কুমাৰ দাস

বিজেপিয়ে কেডাৰ বিচাৰে,নেতা নহয়ঃৰঞ্জীত কুমাৰ দাস

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাসে কয় যে ৰাজ্যত বিজেপিৰ নেতা আৱশ্যক নাই , আৱশ্যক হৈছে বিজেপিৰ কেডাৰ বা কৰ্মকৰ্তাৰ ৷ বিৰোধী দল কংগ্ৰেছৰ পৰা সদস্য বিজেপিত অন্তৰ্ভূক্ত হৈছে বুলি প্ৰচাৰ লাভ কৰাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এনে ধৰণৰ মন্তব্য বিশেষ ভাৱে গুৰুত্ব পূৰ্ণ হৈ পৰিছে ৷

বুধবাৰে অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপি ৰাজ্যিক অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে বিজেপি কেডাৰ আধাৰিত দল ৷ নেতা আধাৰিত নহয়। যদি কোনোৱে দল বা দেশ সেৱাৰ কাৰণে কেডাৰৰ ৰূপত আহে তেন্তে আমাৰ ক’ব লগীয়া একো নাই ৷ অৱশ্যে কিছুমান দলৰ সদস্যই নেতাৰ ৰপত যোগদান কৰিছে ৷

ৰঞ্জীত কুমাৰ দাসে লগতে কয় যে দলত প্ৰায় ১১ লাখ নাম সক্ৰিয় সদস্যৰ নামাংকন প্ৰক্ৰিয়া চলি আছে ৷ আমি প্ৰথমতে ছয় লাখ নতুন সদস্যৰ নাম নামাংকিত কৰা হৈছে।এই সদস্যৰ সংখ্যা ১৫ লাখ কৰিবলৈ পদক্ষেপ লোৱা হৈছে ৷আৰু বিজেপি যোগদান কৰিব বিচাৰিলে আমাৰ কোনো ধৰণৰ আপত্তি নাই ।লগতে বিটীছিৰ সন্দৰ্ভতো বিভিন্ন মন্তব্য দিয়ে ৰঞ্জিত কুমাৰ দাসে ৷ ২০০৩ চনৰ বিটীছি স্থাপনৰ পিছত চতুৰ্থবাৰৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

বিগত সময়ত ভাৰতীয় জনতা দলৰ অসম প্ৰদেশৰ অধ্যক্ষ ৰঞ্জীত কুমাৰ দাসে মন্তব্য কৰে যে ২০২১ চনত ভাৰতীয় জনতা দল-অগপৰ মিত্ৰ দলে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ অৱশ্যে ভাৰতীয় জনতা দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে নিশ্চিত কৰে যে দুয়োটা দলৰ আসনৰ ক্ষেত্ৰত নতুনকৈ সিদ্ধান্ত লোৱা হ’ব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :

https://www.youtube.com/watch?v=nFXf4PVXpgs

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com