Begin typing your search above and press return to search.

টেট শিক্ষকসকলৰ দাবী যুক্তিসংগত আৰু ন্যায়সংগতঃ ৰঞ্জিত কুমাৰ দাস

টেট শিক্ষকসকলৰ দাবী যুক্তিসংগত আৰু ন্যায়সংগতঃ ৰঞ্জিত কুমাৰ দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 8:22 AM GMT

টেট শিক্ষকসকলৰ দাবী যুক্তিসংগত আৰু ন্যায়সংগত আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস ৷ টেট শিক্ষকসকলে বেতনৰ লগতে নিজৰ পদটোৰ নিয়মীয়াকৰণৰ দাবীত বিৰোধ প্ৰদৰ্শন কৰি আহিছে । এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে শিক্ষকসকলৰ এই প্ৰতিক্ৰিয়া যুক্তি সংগত আৰু ন্যায়সংগত ৷ গতিকে মই তেওঁলোকৰ সমস্যাসমূহ অনতি পলমে সমাধান হোৱাতো বিছাৰো ৷ আৰু এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে ৷

ইফালে নেট আৰু শ্লেট পৰীক্ষাৰ পিছত যোগ্য পৰীক্ষাৰ্থীয়ে মহাবিদ্যালয়ত আবেদন কৰিব পাৰে৷ ঠিক তেনেধৰণৰ নিয়ম টেট শিক্ষকসকলৰ ক্ষেত্ৰত কৰিব লাগে ৷ টেট পৰীক্ষা কেৱল ৰাজ্যতে সীমাবদ্ধ নহয় ৷ কাৰণ এই পৰীক্ষা কেন্দ্ৰীয় চৰকাৰৰ ৰাইট টু এডুকেশ্ব্যনৰ অন্তৰ্গত। কিন্তু অসমত যিকোনো বিসংগতিৰ কাৰণে ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কৰা হয়৷

মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কেন্দ্ৰীয় মানৱ সংশোধন বিকাশ বিভাগৰ মন্ত্ৰীৰ লগত আলোচনা কৰিছে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ৷ ইয়াৰ উপৰিও দেওবাৰে মুখ্যমন্ত্ৰী সোনোৱালৰ লগত মতবিনিময় কৰিছোঁ বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ৷ টেট শিক্ষকসকলে যেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ আৰ টি এক্ট সংশোধন কৰা অথবা সৰলীকৰণ কৰাৰ ওপৰত আৱশ্যকতাৰ সন্দৰ্ভত মন্তব্য কৰে দাসে ৷

উল্লেখ্য যে টেট শিক্ষকসকলে ইতিমধ্যে নিজৰ দাবী অভিযোগৰ সন্দৰ্ভত গুৱাহাটী আয়ুক্তৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

টেট উৰ্ত্তীৰ্ণ শিক্ষক সকলে ২৯ জুনত খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰাৰ ভাবুকি প্ৰদান কৰিছিল যোৱা মংগলবাৰে । যদিহে চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেতিয়া ২৯ জুনত “দিছপুৰ চলো” কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰিছিল । সেয়েহে খানাপাৰাত বহুতো টেট উৰ্ত্তীৰ্ণ শিক্ষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাক লৈ ৰাজ্যজুৰি ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ কৰিছিল। শিক্ষামন্ত্ৰীৰ তীৰ্যক মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত অচল হৈ পৰিছিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ণ কৰিছিল প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

সৰ্ব শিক্ষা মিচন অভিযান অসমৰ ৪১,০০০ টেট শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল।সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰনৰ দাবীত উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসুূচী গ্ৰহন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথত টেট উত্তীৰ্ণৰ আন্দোলন

Next Story
চাকৰি