বিটিএডিত নতুন ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টি গঠন

বিটিএডিত নতুন ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টি গঠন

বিটিএডিত গঠন হ’ল এটি নতুন ৰাজনৈতিক দল ৷ সাংসদ নৱ শৰনীয়াৰ নেতৃত্বত দেওবাৰে গঠন হ’ল গণ সুৰক্ষা পাৰ্টি নামৰ দলটো ৷ বিটিছিৰ পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে ৷ নতুনকৈ ৰাজনৈতিক দল টোৰ প্ৰধান লক্ষ্য হ’ল এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফক ক্ষমতাচ্যুত কৰা ৷

ইফালে বড়োসকলৰ সুৰক্ষাৰ কাৰণে চাৰিখন জিলাক সামৰি বিটিএডি গঠন কৰা হৈছে ৷কিন্তু অঞ্চলটোত অবড়োৰ সংখ্যাহে বেছি ৷ আনহাতে দুবাৰকৈ লোকসকভাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা নৱ কুমাৰ শৰণীয়া নিৰ্বাচিত হোৱাৰ পিছত অবড়ো লোকসকলৰ মনোবল বৃদ্ধি পাইছে। আৰু ইয়াৰ পিছতেই গঠন হয় নতুন ৰাজনৈতিক দলটো।

২০১৪ চনত নৱ শৰণীয়াক কোকৰাঝাৰৰ সাংসদ ৰূপে নিৰ্বাচিত হয়। ২০১৯ চনতো নিজৰ শাসন সূচাৰূপে চলাই নিয়াৰ পিছত সম্প্ৰতি শৰণীয়াৰ লক্ষ্য বিটিছি। ইফালে বেংগলী,নেপালী, আদিবাসী,কোচ ৰাজবংশী,মুছলিম সকলেও এতিয়া একত্ৰিত হৈছে ৷বিটিএডিৰ শীৰ্ষস্তৰৰ এজন আৰক্ষী বিষয়াই দ্য চেন্টিনেলৰ সন্মুখত কয় যে বিটিছি নিৰ্বাচনা সময়ত বড়ো আৰু অবড়ো সকলৰ মাজত সংঘৰ্ষৰ আশংকা কৰা হৈছে।

গতিকে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব ৷গতিকে বিটিছিৰ সকলো সমষ্টিত প্ৰতিদ্বন্দ্বিতা নমাৰ উদ্দেশ্যৰে নতুন দল গঠন হোৱাত সকলো দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। আৰু নৱ শৰনীয়াৰ গণ সুৰক্ষা পাৰ্টি অসমেও সম্প্ৰতি পৰিষদীয় নিৰ্বাচনত যুঁজ দিবলৈ ককাঁলত টঙালি বান্ধিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM and Alumnus of JB College Tarun Gogoi discloses about his Love Story

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com