Begin typing your search above and press return to search.

অসমৰ চিকিৎসালয় মহাবিদ্যালয়ত বৃদ্ধি পাইছে গৱেষণাৰ কাৰণে শৰীৰ দানৰ সংখ্যা

অসমৰ চিকিৎসালয় মহাবিদ্যালয়ত বৃদ্ধি পাইছে গৱেষণাৰ কাৰণে শৰীৰ দানৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2019 9:50 AM GMT

অসমত চিকিৎসাৰ ক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে মানৱ দেহৰ শৰীৰক বিজ্ঞানসন্মত ভাৱে গৱেষণা কৰিবলৈ শৰীৰ দানৰ ক্ষেত্ৰত বিভিন্ন লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই মুছলিম লোকসকলো ৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰায় ১০০ ৰো অধিক শৰীৰ বিশেষভাৱে পৰীক্ষা নিৰীক্ষা কৰা গৃহলৈ প্ৰেৰন কৰা হৈছে।

ৰাজ্যৰ শৰীৰ আৰু অংগ দান কৰা সন্দৰ্ভত প্ৰচাৰ কৰা এটা সংস্থাই কয় যে সম্প্ৰতি শৰীৰ দান কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে৷ ইতিমধ্যে প্ৰায় ১০০০ জন লোকে শৰীৰ দান কৰা চুক্তি পত্ৰত স্বাক্ষৰ কৰিছে ৷ ইফালে সংস্থাটোৰ এজন বিষয়াই কয় যে ৰাজ্যত সৰ্বত্ৰে এই মহান কামটোৰ কাৰণে মুছলিম লোকসকলৰ মাজত সজাগতা বৃদ্ধি হৈছে ৷

সেয়েহে অন্যান্য লোকসকলৰ লগতে আগবাঢ়ি আহিছে মুছলিম লোকসকল ৷ ইফালে তিনিজন মুছলমান লোকে ইতিমধ্যে শৰীৰ দান কৰিছে ৷ আৰু কিছুসংখ্যক লোকে শৰীৰ দান কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে। লগতে সন্থাটোৰ বিষয়াজনে কয় যে গুৱাহাটীৰ ৰিহাবাৰীৰ ৮৬ বছৰীয়া সূৰ্য বাৰ্তা লহকৰে ইতিমধ্যে নিজৰ শৰীৰ প্ৰদান কৰিছে ৷ মন কৰিব লগীয়া কথা এয়ে যে ১৯৩৯ চনত লহকৰৰ মাতৃক সতী হিছাপে পৰিগণিত হয় ৷ কাৰণ পূৰ্বতে স্বামীৰ মৃত্যুৰ পিছত পত্নীয়ে একেখন চিতাতে দাহ যোৱা প্ৰথাটোৱে হ’ল সতী দাস ৷

গতিকে পূৰ্বতে এটা অন্ধ বিশ্বাসক আকোঁৱালি লোৱা এটা পৰিয়ালে সম্প্ৰতি বিজ্ঞান প্ৰযুক্তিৰ কাৰণে নিজৰ দেহ আগবঢ়াই দিছে ৷ সাম্প্ৰতিক সময়ত এইয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ৷ সেয়েহ মই লহকৰৰ মাতৃৰ প্ৰসংগটো উল্লেখ কৰিছোঁ ৷ এনেধৰণৰ বিকাশে ভৱিষ্যতে এনে ধৰণৰ কাম কৰাত আৰু অধিক আগবাঢ়িব বুলি আশা কৰিছে সংন্থাটোৰ লোকসকলে ।

কিন্তু তথ্য অনুসৰি এই বিষয়টোৰ সন্দৰ্ভত ৰাজ্যত মেডিকেল কলেজ আৰু ৰাজ্যিক চৰকাৰৰ সমন্বয়ৰ অভাৱ ৷কাৰণ চৰকাৰক লোকসকলক শৰীৰ আৰু অংগসমূহক দান কৰিবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় সুবিধা তৈয়াৰ কৰিব লাগিব। তেজপুৰ চিকিৎসালয়ৰ এজন শিক্ষকে কয় যে পূৰ্বতে এটা শৰীৰক কেৱল ছয় জনৰ পৰা আঠ জন ছাত্ৰ ছাত্ৰীয়ে পৰ্যবেক্ষণ কৰিব পাৰিছিল ৷ কিন্তু এতিয়া ২০ ৰ পৰা ৩০ জন ছাত্ৰ ছাত্ৰীয়ে একেলগে কাম কৰিব পাৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকৰ মত অনুসৰি যিকোনো ব্যক্তিৰ দেহ মৃত্যুৰ ২৪ ঘন্টাৰ ভিতৰত দিব লাগে। গতিকে শৰীৰ দান কৰা বিষয়টোত আগতীয়া প্ৰস্তুতি প্ৰয়োজন ৷ চিকিৎসা শাস্ত্ৰৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰথম দুটা বৰ্ষত মানৱ দেহৰ বিষয়ে অধ্যয়ন কৰিব লাগে ৷তেওঁলোকে মানৱ দেহটোক তিনি- চাৰিটা ভাগত ভাগ কৰি অধ্যয়ন কৰে ৷ ইফালে স্নাতকোত্তৰ বৰ্ষত ছাত্ৰ ছাত্ৰীসকলক গৱেষণাৰ ওপৰত ভিত্তি কৰিহে প্ৰত্যেককে এটাকৈ মৃত শৰীৰৰ আৱশ্যক হয় ৷

অন্য খবৰৰ বাবে পঢ়ক: এম এম চি এইচ জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে আদৰ্শ চিকিৎসালয়

ভিডিঅ প্ৰতক্ষ্য কৰক:Leopard caged in Naharani Megha Tea Estate

Next Story
চাকৰি