Begin typing your search above and press return to search.

এম এম চি এইচ জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে আদৰ্শ চিকিৎসালয়

এম এম চি এইচ জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে আদৰ্শ চিকিৎসালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 July 2019 9:13 AM GMT

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল (MMCH) ক জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে আদৰ্শ চিকিৎসালয়ত বুলি স্বীকৃতি প্ৰদান কৰিছে। জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে এম এম চি এইচ আদৰ্শ চিকিৎসালয় বুলি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে প্ৰকাশ কৰিছে । শুকুৰবাৰে জিলা উপায়ুক্তৰ কনফৰেন্সৰ হলত অনুষ্ঠিত বৈঠকত এই কথা প্ৰকাশ কৰে।

এই বৈঠক খন বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা অথবা কৰিব লগীয়া ব্যবস্থাৰ সম্পকে আলোচনা কৰা হয় । লগতে জি এম চি এইচ আৰু এম এম চি এইচ চিকিৎসালয়ক জাপানীজ এনকেফেলাইটিছ ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কোৱা হয় । জে ই ৰোগীৰ ক্ষেত্ৰত লব লগা কেয়াৰৰ সন্দৰ্ভতো আলোচনা কৰা হয় । পিছত বৈঠকত সোনাপুৰৰ জিলা চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগীক দিয়া চিকিৎসাৰ সন্দৰ্ভতো আলোচনা কৰা হয় ।

এই বৈঠকত স্বাস্থ্য বিভাগ, ভেটেনেৰী ( Animal Husbandry & veterinary), পঞ্চায়ত আৰু গ্ৰাম্যাঞ্চল উন্নয়ন বিভাগ, ৰাজহুৱা স্বাস্থ্য ইঞ্জিনিয়াৰিং ( public health engineering) , কৃষি, মৎস্য, সমাজ কল্যাণ বিভাগৰ লগতে আন আন বিভাগৰ বিষয়াও উপস্থিত থাকে। এই বৈঠকতে জিলা উপায়ুক্তয়ে জিলা সমূহত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে ।

বৰ্তমান সময়ত জাপানীজ এনকেফেলাইটিছ ৰোগে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। সোমবাৰলৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৩৩ জনৰ মৃত্যু হোৱাৰ লগতে , ১২২ জন লোকৰ আক্ৰান্ত হৈ আছে । সোমবাৰে কেন্দ্ৰীয় দলে ৰোগৰ সন্দৰ্ভত আলোচনা কৰে।

অধিক খবৰৰ বাবে পঢ়ক :জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণত ব্যৰ্থ অসম চৰকাৰ : সদৌ অসম ছাত্ৰ সন্থা

Next Story
চাকৰি