Begin typing your search above and press return to search.

মানৱতা: পাকিস্তানৰ নৈৰে উটি অহা শিশুৰ মৃতদেহ পাকিস্তানী সেনাক অৰ্পণ ভাৰতীয় সেনাৰ

মানৱতা: পাকিস্তানৰ নৈৰে উটি অহা শিশুৰ মৃতদেহ পাকিস্তানী সেনাক অৰ্পণ ভাৰতীয় সেনাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 July 2019 12:16 PM GMT

মানৱতাৰ নিদৰ্শন দেখুৱাই বৃহস্পতি বাৰে এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ পাকিস্তানী সেনাক গটাই দিয়ে ভাৰতীয় সেনায়ে । এল অ চি ( line of control) ৰ নদীয়েদি উটি অহা ৭ বছৰীয়া শিশুটিৰ মৃতদেহ ভাৰতীয় সেনাই উদ্ধাৰ কৰে। শিশুটিৰ নাম আবিব আহমেদ শ্বেইখ বুলি চিনাক্ত কৰিছে। আবিব আহমেদ শ্বেইখৰ ঘৰ গিলগিট অঞ্চলৰ মিনিমাৰ্গ অঞ্চলৰ ।শিশুটিৰ পিতৃ–মাতৃয়ে ভাৰতীয় বিষয়াক বিষয়াক শিশুটিৰ মৃতদেহ গতাই দিবলৈ আবেদন জনাইছিল।

ভাৰতীয় সেনাই প্ৰকাশ কৰে যে, শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুৰ্জিল নালাৰ পৰা উদ্ধাৰ কৰা হয় । শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে পাকিস্তানী সেনাক গটাই দিয়ে ভাৰতীয় সেনায়ে ।একাংশ স্থানীয় লোকে গুৰেজস্থিত আচুৰা গাঁৱত ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ অহা কিশানগংগা নদীত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। মৃতদেহটো নৈৰে উটি আহি ভাৰতৰ সীমা পাইছিল। ভাৰতীয় সেনাৰ জোৱানে মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰ পিছতে ভাৰতে পাকিস্তানক হটলাইনত ইয়াৰ খবৰ দিয়ে।

https://twitter.com/adgpi/status/1149321182677753857

এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকে মৃতদেহটো ওভতাই দিয়াৰ বাবে আবেদন জনায়।গিলগিটৰ বাসিন্দা শিশুটিৰ পৰিয়ালে ছচিয়েল মিডিয়াত ভাৰত চৰকাৰক আবেদন জনায় যে তেওঁলোকৰ শিশুটিৰ মৃতদেহ গতাই দিব লাগে। ইয়াৰ পিছতে ভাৰতীয় সেনাই শিশুটিৰ মৃতদেহ গতাই দিয়াৰ সিদ্ধান্ত লয়।

অধিক খবৰৰ বাবে পঢ়ক: AN-32 বিমানৰ সকলো বৈমানিক নিহত, ৭ টা মৃতদেহ উদ্ধাৰ: ভাৰতীয় বায়ু সেনা

Next Story