বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগীলৈ হাত যোৰ কৰি জনালে এটি বিশেষ আহ্বানঃ কিন্তু কিয়?

বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগীলৈ হাত যোৰ কৰি জনালে এটি বিশেষ আহ্বানঃ কিন্তু কিয়?

বলীউডৰ আন এখন চৰ্চিত ছবি সূৰ্যবংশীৰ মুক্তিৰ দিন পিছোৱাৰ পিছতেই অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ মাজত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ইয়াৰ পিছত অভিনেতা অক্ষয় কুমাৰে অনুৰাগীসকললৈ অনুৰোধ কৰে যে নেতিবাচক দিশসমূহক যেন আৰু আগ নবঢ়াই।ইফালে টুইটাৰ যোগে অনুৰাগীক উদ্দেশ্য কৰি অক্ষয় কুমাৰে প্ৰকাশ কৰে যে বিগত কিছু দিনৰ পৰা মই কিছুমান লোকৰ নেতিবাচক মন্তব্য দেখিছোঁ ৷

মই আপোনালোকৰ খঙক বুজিব পাৰিছোঁ ৷ গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে এনে ধৰণৰ খবৰ প্ৰচাৰ নকৰিব ৷ মই সূৰ্যবংশীক ইতিবাচক হিছাপে আৰম্ভ কৰিছিলো ৷গতিকে ছবিখনক এনেকৈয়ে মুক্তি হ’বলৈ দিয়ক ৷ দৰাচলতে ৰোহিত চেট্টীৰ ছবি সূৰ্যবংশী ২০২০ চনৰ ঈদত মুক্তি লাভ কৰাৰ কথা আছিল ৷

ছবিখনত অভিনয় কৰিছে কেটৰীনা কাইফ আৰু অক্ষয় কুমাৰে ৷ কিন্তু ছলমান খানৰ ইনছেআল্লাহৰ কাৰণে সূৰ্যবংশীক মুক্তি দিব ২০২০ চনৰ ২৭ মাৰ্চত ৷ ছলমান খানে এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে ৷ এই খবৰটো প্ৰকাশ কৰাৰ পিছত অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়া দেখা দিয়ে ৷ তেওঁলোকৰ অভিযোগ যে ৰোহিত চেট্টীয়ে অক্ষয় কুমাৰৰ মতামতৰ অবিহনে সূৰ্যবংশীৰ মুক্তিৰ দিন পিছোৱাইছে ৷

উল্লেখ্য যে,আৰম্ভ হ’ল ২০১২ চনৰ সফল ছবি ৰাউডী ৰাথোৰৰ চিকুৱেল । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি পৰিচালক শবীনা খানে এই কথা জানিবলৈ দিছে ৷ শবীনা খানে জানিবলৈ দিয়ে যে আমি ৰাওডী ৰাথোৰ ২ ৰ কাহিনীত কাম কৰি আছোঁ ৷ আশা কৰা হৈছে অক্ষয় কুমাৰেই ইয়াৰ মুখ্য চৰিত্ৰত থাকিব ।

শবীনা খানে প্ৰতিবেদনত উল্লেখ কৰিছে যে টয়লেট এক প্ৰেম কথা,পেডমেনৰ দৰে ছবিয়ে অক্ষয় কুমাৰে হাস্য মধুৰ দিশটোক দেখুৱাইছে। অক্ষয় কুমাৰে প্ৰত্যেকটো চৰিত্ৰ সাৱলীলতাৰে উপস্থাপন কৰিছে ৷ বা যি কোনো চৰিত্ৰ অতি সাৱলীলতাৰে অভিনয় কৰিব পাৰে । ইফালে শবীনা প্ৰভুদেৱাৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা ছবি ৰাওদী ৰাথোৰ ছবিত সঞ্জয় লীলা ভাঞ্চালীৰ সহনিৰ্মাতা আছিল৷ এই ছবিখনত অক্ষয় কুমাৰে এগৰাকী পুলিছ ইনস্পেক্টৰৰ ভূমিকাত অভিনয় কৰিছিল ৷

ৰাওডী ৰাথোৰ ছবিখন এচ এচ ৰাজা মৌলিৰ ৰবি তেজা আৰু অনুস্কা চেট্টীৰ ২০০৮ চনত মুক্তি প্ৰাপ্ত তেলেগু ছবি Vikramarkudu ৰ হিন্দী ৰিমেক আছিল ৷ সম্প্ৰতি এই ছবি খনৰ দৃশ্যগ্ৰহণ হৈছে বেংকত ৷ সূৰ্যবংশীৰ উপৰিও অক্ষয় কুমাৰ আৰু কৰীনা কাপুৰক গুড নিউজ”ত দেখিবলৈ পোৱা যাব ৷ গুড নিউজৰ দৃশ্য গ্ৰহণ সম্প্ৰতি সম্পূৰ্ণ হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com