বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই টুইটাৰ যোগে মুকলি কৰিলে আৰ্টিকল ১৫ ৰ প’ষ্টাৰঃ উৎসুক অনুৰাগী

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই টুইটাৰ যোগে মুকলি কৰিলে আৰ্টিকল ১৫ ৰ প’ষ্টাৰঃ উৎসুক অনুৰাগী

বলীউডৰ অভিনেতা আয়ুষ্মাণ খুৰানাই টুইটাৰৰ জৰিয়তে ছবি আৰ্টিকল ১৫ ৰ নতুন প’ষ্টাৰ অনুৰাগীলৈ আগবঢ়াইছে ৷ লগতে লিখিছে Insaaf ki bheekh Mat Maango,bahut maang chuke..#abFarqlaayenge#article 15 on 28 june.

https://twitter.com/ayushmannk/status/1137970099430674433

অনুভৱ সিন্হাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখন ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ ৰ ওপৰত আধাৰিত ৷ ছবিখন সচাঁ ঘটনাৰ আলমত নিৰ্মাণ কৰা ছবিখনে অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছে ৷

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ ছবি আৰ্টিকল ১৫ সম্প্ৰতি বিতৰ্কত সোমাই পৰিছে । অনুভৱ সিন্হাৰ আৰ্টিকল ১৫ ক লৈ সম্প্ৰতি উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উত্তৰ প্ৰদেশৰ পৰশুৰাম সেনাৰ সদস্য কৌশল তিৱাৰীয়ে কয় যে যদি ঠাকুৰ আৰু ৰাজপুত সকলে পদ্মাৱত মুক্তি লাভ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে তেন্তে ব্ৰাহ্মণসকলে নিজৰ সন্মানৰ কাৰণদ এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে।

ইয়াৰ কাৰণে আমি ছ’চিয়েল মিডিয়াত এটা গোট গঠন কৰিম। যেতিয়া ছবিখনৰ দৃশ্য গ্ৰহণ মাৰ্চ এপ্ৰিলত লক্ষ্ণৌত হৈ আছিল তেতিয়া ছবিখনৰ কাহিনী সম্বন্ধে আমি জ্ঞাত নাছিলো। সেই কাৰণে আমি ছবিখনৰ বিৰোধ কৰিব পৰা নাছিলো।

ইফালে আৰ্টিক’ল ১৫ ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছিল ৩০ মে’ত ৷ এই ছবি খনত আয়ুস্মাণ খুৰানাই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। বাদাউন ৰেপ কেছ আৰু ভাৰতীয় সংবিধানৰ সূচী ১৫ ক লৈ অনুভৱ সিন্হাই নিৰ্মাণ কৰিছে আৰ্টিক’ল ১৫ ৷ উল্লেখ যে ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ লক্ষ্ণৌত হৈছে। ছবিখনৰ কাহিনী ২০১৪ চনত দুগৰাকী ভগ্নীৰ কৰা ৰেপ আৰু ইয়াৰ পিছত হত্যা ওপৰত আধাৰিত ৷

বদায়ুৰ এখন গাঁৱত দুগৰাকী দলিত যুৱতীক গেংগ ৰেপ কৰি গছত ওলোমাই দিয়া হৈছিল। ইয়াৰ বিপৰীতে ২০১৪ চনৰ ডিচেম্বৰ মাহত চিবিআইয়ে এই ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি বন্ধ কৰি দিয়ে ৷ সম্প্ৰতি অনুসূচি ১৫ ৰ যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত।

২০১৮ বৰ্ষটো গায়ক তথা অভিনেতা আয়ুষ্মান খুৰানাৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ আয়ুষ্মানৰ ছবি “ৱাধাই হো” ৰ সফলতাই চৰ্চা লাভ কৰিছিল সকলোৰে মাজত ৷ ইয়াৰ পিছতে আন এখন ছবি “অন্ধাধুনে”চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সফলতা লাভ কৰিছে ৷

অন্ধাধুনত অভিনয় কৰিছিল আয়ুষ্মান খোৰানা আৰু জনপ্ৰিয় অভিনেত্ৰী টাবুয়ে ৷ ইয়াৰ বিপৰীতে আয়ুষ্মান খোৰানাৰে আন এখন ছবি “ৱাধাই হো”ৱে এই বৰ্ষৰ শ্ৰেষ্ঠ ছবিসমূহৰ তালিকাত আছে পাঁছ নম্বৰ স্থানত৷ গতিকে আয়ুষ্মান খোৰানাৰ কাৰণে এই বৰ্ষটো হৈছে যথেষ্ট উল্লেখযোগ্য ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com