নৱাজুদ্দিন ছিদ্দিকিয়ে শ্বেয়াৰ কৰিলে গুৰুৰ ফটো, কলে কোনে শিকাইছিল তেওঁক অভিনয়

নৱাজুদ্দিন ছিদ্দিকিয়ে শ্বেয়াৰ কৰিলে গুৰুৰ ফটো, কলে কোনে শিকাইছিল তেওঁক অভিনয়

নৱাজুদ্দিন ছিদ্দিকিয়ে শ্বেয়াৰ কৰিলে গুৰুৰ ফটো, কলে কোনে শিকাইছিল তেওঁক অভিনয়। বলিউডৰ এগৰাকী অন্যতম অভিনেতা নৱাজুদ্দীন ছিদ্দিকি । তেওঁৰ ব্যতিক্ৰমী, অনবদ্য অভিনয়ৰে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকি।

অভিনেতা গৰাকীয়ে পোণ প্ৰথমবাৰৰ বাবে তেওঁৰ অভিনয়ৰ গুৰুৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে । বলিউড জগতত ব্যতিক্ৰমী অভিনয়ৰ কথা কলে নৱাজুদ্দিন ছিদ্দিকিৰ নাম আহে । কিন্তু নৱাজুদ্দিন ছিদ্দিকি‌ অভিনয় জগতত কেনেদৰে পদাৰ্পন কৰিলে , কোনে অভিনয় শিকালে, সেই বিষয়ে আমি বহুতেই অঞ্জ ।‌ দৰাচলতে অভিনতা গৰাকীয়ে এগৰাকী ব্যক্তিৰ ফটো টুইট কৰি তেওঁৰ গুৰুৰ বিষয়ে উল্লেখ কৰিছে ।

https://twitter.com/Nawazuddin_S/status/1227883366718038021

অভিনেতা গৰাকীয়ে তেওঁৰ টুইটাৰ একাউণ্টত মস্কোৰ ভেলেনটিন টেপ্লাকোভৰ ফটো শ্বেয়াৰ কৰিছে । লগতে তেওঁ লিখিছে যে , " এজন‌ ব্যক্তি , যিয়ে মোক অভিনয়ৰ লগত পৰিচয় কৰাইছিল, মস্কোৰ ছাৰ ভেলেনটিন টেপ্লাকোভ । ১৯৯৬ চনত মই তেওঁৰ নাটক ইভানোভত অভিনয় প্ৰদৰ্শন কৰিছিলো। যাৰ ফলত মই এজন অভিনেতা হিচাপে গঢ় ললো । ইমান দিনৰ পিছত তেওঁক লগ পোৱাতো সৌভাগ্যজনক " ।

এয়া নিশ্চিত যে টেপ্লাকোভ অতি গৌৰৱান্বিত যে তেওঁৰ ছাত্ৰ অভিনয়ৰ যোগেদি বিশ্ব বিখ্যাত ।আমি সকলোৱে জানো যে অভিনেতা নাৱজুদ্দিন ছিদ্দিকিয়ে যথেষ্ট পৰিশ্ৰম কৰি এই পৰ্যায় পাইছে । তেওঁৰ অসাধাৰণ অভিনয়ৰ ফলত তেওঁ অভিনয় জগতত এক উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে।‌ অভিনয়ৰ পূৰ্বে তেওঁ গাওঁত খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল ।

১৯৯৬ চনত টেপ্লাকোভৰ নাটত অভিনয় কৰাৰ পিছত তেওঁ কিছু কঠিনতাৰ‌ সন্মুখীন হ'ব লগীয়া হয়। মাজে সময়ে কোনো ছবিৰ এটা‌ বা দুটা দৃশ্যাংশত অভিনয় কৰা নৱাজুদ্দিন‌ ছিদ্দিকিৰ কিছু বছৰ পৰাহে তেওঁ অভিনয় ক্ষেত্ৰত এক গতি লাভ কৰে ।

এতিয়া নৱাজুদ্দি ছিদ্দিকিক জনপ্ৰিয় ছবি সমূহৰ লগতে বিভিন্ন ৱেব চিৰিজটো দেখা যায় । নৱাজুদ্দিন ছিদ্দিকি অভিনয় প্ৰদৰ্শন কৰা নেটফ্লিকচৰ এখন অন্যতম ৱেব চিৰিজ হ'ল 'চেক্ৰেড গেমচ' ।‌ এই ৱেব চিৰিজটোৱে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে এই ৱেব চিৰিজটোৰ‌ দ্বিতীয় খণ্ডটিয়ো প্ৰকাশ পাইছে ।

তদুপৰি তেওঁ বহু ‌জনপ্ৰিয় ছবি থাকড়ে, ৰাইছ,কিক , বজৰংগী ভাইজান‌ আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Bollywood Diva Madhuri Dixit, Actors Ranveer Singh & Kartik Aryan landed in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com