বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰৰ বিষয়ে সম্প্ৰতি চৰ্চা সৰ্বত্ৰেঃ কিন্তু কিয় ?

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰৰ বিষয়ে সম্প্ৰতি চৰ্চা সৰ্বত্ৰেঃ কিন্তু কিয় ?

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰ সম্প্ৰতি ব্যস্ত আছে ব্ৰহ্মাস্ত ছবিৰ দৃশ্য গ্ৰহণত ৷ ব্ৰহ্মাস্ত ছবিৰ দৃশ্য গ্ৰহণৰ সময়ত ৰনবীৰক সাক্ষাৎ কৰে অনুৰাগীসকলে ৷ সেই সময়তে ৰনবীৰৰ এটা ভিডিঅ’ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এজন অনুৰাগীয়ে ৰনবীৰৰ ভৰি চুই থকা দেখা গৈছে। কিন্তু সম্প্ৰতি ৰনবীৰ কাপুৰ এই ভিডিঅ’টি ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰা দেখা গৈছে ৷

দৰাচলতে ৰনবীৰৰ অনুৰাগীজনে ৰনবীৰক সাক্ষাৎ কৰিবলৈ আহি ভৰি চুই দুয়োজনে এটা কোঠাত প্ৰবেশ কৰে ৷ আৰু ৰনবীৰ কাপুৰ চোফাত বহাৰ লগতে অনুৰাগীজন তলতেই বহে ৷কিন্তু কিছুমান লোকে ছ’চিয়েল মিডিয়াৰ যোগেৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰনবীৰ কাপুৰে নিজৰ অনুৰাগীক চোফাত বহিবলৈও ন’কলে ৷

এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে ৰনবীৰ ভগৱান নেকি ? কিয় ৰনবীৰে নিজৰ অনুৰাগীক চোফাত বহিবলৈও ন’কলে ৷ আন এগৰাকী লোকে লিখিছে যে ৰনবীৰ বহুত খঙাল৷ ৰনবীৰে এবাৰ বহিবলৈ নক’লে অনুৰাগী গৰাকীক ৷ ইফালে,সম্প্ৰতি ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্ট ব্যস্ত আছে ব্ৰহ্মাস্ত ছবিৰ দৃশ্য গ্ৰহণত৷

অন্যহাতে ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ ছবি ব্ৰহ্মাস্তৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰনবীৰ কাপুৰে কয় যে ছবিখনৰ পৰিচালক আয়ান মুখাৰ্জীয়ে এই ছবিখনৰ কাৰণে কঠোৰ শ্ৰম কৰিছে ৷ ছবিখনৰ কাৰণে জীৱনৰ সমস্তখিনি অৰ্পন কৰিছে ৷বিগত ছয়বছৰৰ পৰা ছবিখনৰ কাম কৰি থকা হৈছে ৷আৰু ছবিখনৰ প্ৰত্যেকজন ব্যক্তি ছবিখনৰ লগত অতি আন্তৰিকতাৰে জৰিত হৈ আছে ৷

ইফালে প্ৰথম বাৰৰ কাৰণে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টক একেখন স্কীণত চাবলৈ অধীৰ আগ্ৰহেৰে বাটচাই আছে ছবিখন অনুৰাগীসকল ৷ সদ্যহতে ছবিখনৰ মুক্তিৰ দিন ২০২০ লৈ আগবঢ়াই নিছে। ছবিখনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্টৰ উপৰিও মৌনি ৰয়,অমিতাভ বচ্চন,অক্কিনী নাগাৰ্জুনাই অভিনয় কৰিছে ৷

উল্লেখ্য যেআলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com