বলীউডৰ অভিনেতা ছলমান খানে অনুৰাগীক জনালে ধন্যবাদঃ কিন্তু কিয়?

বলীউডৰ অভিনেতা ছলমান  খানে অনুৰাগীক জনালে ধন্যবাদঃ কিন্তু কিয়?

বলীউডৰ অভিনেতা ছলমান খানৰ চৰ্চিত ছবি ভাৰতে বক্স অফিচত মুক্তিৰ প্ৰথম দিনাই ধুমুহাৰ সৃষ্টি কৰিছে ৷ বুধবাৰে ঈদৰ দিনা ছবিখনে মুক্তি লাভ কৰাৰ লগে লগে ৪২.৩০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতে । আৰু আশ্চৰ্য্যজনক ভাৱে ছলমান খানৰ ভাৰত ছবিখন মুক্তিৰ প্ৰথম দিনা কেৰিয়াৰৰ সকলোতকৈ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷

ভাৰত ছবিক দৰ্শকে আকোঁৱালি লোৱাৰ পিছত অনুৰাগীক উদ্দেশ্য কৰি বলীউডৰ অভিনেতা ছলমান খানৰ এক বিশেষ বাৰ্তা ৷ ছ’চিয়েল মিডিয়াৰ যোগেৰে দৰ্শকক ভাৰত ছবিক আকোঁৱালি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ বলীউডৰ অভিনেতা ছলমান খানে টুইটাৰ যোগে প্ৰকাশ কৰে যে আপোনালোকক মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অপেনিং দিয়াৰ কাৰণে অশেষ ধন্যবাদ ৷ কিন্তু মোৰ কাৰণে সকলোতকৈ ডাঙৰ কথা এয়ে যে যেতিয়া ছবিখনত ৰাষ্ট্ৰীয় গান বাজে তেতিয়া সকলো আসনৰ পৰা উঠি সন্মান জনায় ৷আমাৰ দেশৰ কাৰণে ইয়াতকৈ আৰু সন্মানৰ কথা একো হ’ব নোৱাৰে ৷জয় হিন্দ ৷ এই মন্তব্য ছলমান খানৰ ৷

https://twitter.com/BeingSalmanKhan/status/1136530378284359681

ইফালে পূৰ্বতে ছলমান খানৰ টিউব লাইট আৰু ৰেছ ৩ ছবি দুখন বক্স অফিফত সফলতা লাভ কৰিবলৈ সক্ষম ন’হল। অন্যহাতে আলী আব্বাছ জফৰ ভাৰত ছবিখন মুক্তি হোৱাৰ লগে লগে অন লাইন যোগেৰে জনসাধাৰণৰ মাজত বিয়পি পৰে। ইছলাম ধৰ্মী লোকসকলৰ ঈদ, বিশ্ব কাপত দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ খেলৰ মাজতে ভাৰত ছবিৰ উপাৰ্জন যথেষ্ট মন কৰিব লগীয়া। কিন্তু ভাৰত ছবিখনৰ অন লাইনত বিয়পি পৰা প্ৰসংগই ছবিখনৰ আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ’ব পাৰে।

ভাৰত ছবিখন ৪৭০০ খন স্কীণত মুক্তি লাভ কৰে। ইয়াৰে ১৩০০ স্কীণ বহিঃদেশত মুক্তি লাভ কৰে।আমি বিগত সময়ত প্ৰত্যক্ষ কৰি আহিছো যে ছলমান খানৰ যিকোনো ছবিয়ে ঈদত মুক্তি লাভ কৰে ৷ ঈদত ছলমান খান এতিয়ালৈকে ৯ খন ছবি মুক্তি লাভ কৰিছে ৷ভাৰত হৈছে ছলমান খানৰ ১০ নম্বৰ ছবি ৷ মন কৰিব লগীয়া কথা এয়ে যে ছলমান খানৰ এতিয়ালৈকে ঈদত মুক্তি লাভ কৰা ৮ খন ছবিয়েই মুক্তি লাভ কৰিছে ৷২০০৯ চনত ছলমানৰ খানৰ ছবি ৱান্টেট ছবি মুক্তি লাভ কৰিছিল ৷

আহক চাওঁ ছলমান খানৰ ঈদত মুক্তি লাভ কৰা ছবিৰ তালিকা ২০১৮ চনত ছলমান খানৰ ৰেছ ৩ য়ে মুক্তি লাভ কৰে। ৰেছ আৰু ৰেছ ২ ৰ ৰোমাঞ্চকৰ যাত্ৰাৰ পিছত ২০১৮ ত মুক্তি পায় ৰেছ ৩৷ ৰেমো ডিছুজাৰ নিৰ্দেশনাৰ নিৰ্মাণ হোৱা ৰেছ ৩ ত অভিনয় কৰিছল ছলমান খান,অনিল কাপুৰ,জেকলিন ফাৰ্নাণ্ডেজ,ববী দেউল আৰু ডেজী শ্বাহ ৷ভাৰত ছবিখনত ছলমান খান,কেটৰীনা কাইফ,জেকী শ্ৰফ,সুনীল গোভৰ,দিশা পাটানী আৰু টাবুয়ে অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com