বলীউডৰ অভিনেত্ৰী কিয়াৰা আডৱানীৰ বিষয়ে কি ক’লে সিদ্ধাৰ্থ মালহোত্ৰাই?

বলীউডৰ অভিনেত্ৰী কিয়াৰা আডৱানীৰ বিষয়ে কি ক’লে সিদ্ধাৰ্থ মালহোত্ৰাই?

বলীউডৰ সম্প্ৰতি চৰ্চিত হৈ থকা কবীৰ সিঙৰ অভিনেত্ৰী কিয়াৰা আডৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে সকলোৰে জ্ঞাত ৷ সততে কিয়াৰা আডবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰেমৰ খবৰ জানিবলৈ বিছাৰে। কিন্তু তাৰ মাজতে সিদ্ধাৰ্থ মালহোত্ৰাই কয় যে কিয়াৰা আডবানী আৰু মোৰ মাজত কোনো ধৰণৰ বয়ফেণ্ড গাৰ্লফেণ্ডৰ দৰে অনুভূতি নাই ৷কিয়াৰা মোৰ ভাল বন্ধু হোৱাৰ উপৰিও এগৰাকী ভাল সহ শিল্পী।

দুয়োগৰাকী শিল্পী সম্প্ৰতি শ্বেৰশ্বাহৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ আছে ৷ সদ্যহতে কিয়াৰা আডবানী আৰু ছাহিদ কাপুৰৰ অভিনীত কবীৰ সিঙে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷সম্প্ৰতি অহা খবৰ মতে বৃহৎ বাজেটৰ ছবি সাহুৰ এটি গীতৰ কাৰণে কিয়াৰা আডবানীৰ লগত যোগাযোগ কৰিছে ছবিখনৰ নিৰ্মাতাসকলে ৷

কিয়াৰাই দক্ষিন ভাৰতৰ বহু ছবিত অভিনয় কৰিছে ৷বলীউডৰ দৰে দক্ষিণ ভাৰতটো সমানেই জনপ্ৰিয় কিয়াৰা আডবানি ৷ সেয়েহে নিৰ্মাতাসকলে ভাবিছে যে কিয়াৰাক এটি গীতৰ কাৰণে সন্মতি কৰোৱাব লাগে ৷যদি কিয়াৰা আডবানিয়ে সন্মতি প্ৰদান কৰে তেন্তে সাহুৰ দৃশ্য গ্ৰহণ আৰম্ভ কৰিব ৷

সম্প্ৰতি মুকলি হ’ল সাহুৰ টিজাৰ ৷১.৩ মিনিটৰ টিজাৰটোত আৰম্ভনি হৈছে চাইনাৰ গেটৱে অফ হেবনৰ পৰা আৰম্ভ হৈছে। য’ত সুন্দৰী শ্ৰদ্ধা আৰু প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ টিজাৰটোত গেঙ আৰু গাড়ীৰ লগত প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ সাহু ছবিখনত দুটা সংলাপহে শুনা গৈছে ৷

সংলাপ কেইটা শুনা গৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ মুখত ৷ ডাইৰেক্টৰ সুজীতৰ সাহু ছবিখন হিন্দী,মালায়ালাম, তামিল আৰু তেলেগুত নিৰ্মাণ হ’ব। ছবিখনত জেকী শ্ৰফ,নীল নিতিন মুকেশ আৰু মুৰুলী শৰ্মাই অভিনয় কৰিছে ৷আজি মুক্তি পোৱা ছবিখনৰ টিজাৰটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷২০১৮ চনৰ প্ৰভাসৰ জন্ম দিনত ছবিখনৰ প্ৰথম টিজাৰ আহিছিল ৷

সাহুৰ কাৰণে দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ওজন হ্ৰাস কৰিছিল ।যাৰ কাৰণে প্ৰভাসে জীমলৈ গৈ ওজন হ্ৰাস কৰিছিল ৷ দুবছৰৰ আগয়ে সাহু ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন আৱশ্যক। সাহুৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু ওজনৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৷অন্যহাতে,৩০০ কোটি বাজেটে নিৰ্মাণ হৈছে সাহু ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com