বিয়াৰ ১৪ মাহৰ পিছত প্ৰেম কাহিনীৰ ৰোমন্থন কৰিলে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰে

বিয়াৰ ১৪ মাহৰ পিছত প্ৰেম কাহিনীৰ ৰোমন্থন কৰিলে বলীউডৰ অভিনেত্ৰী সোনম কাপুৰে

বলীউডৰ অভিনেত্ৰী সোনম কাপুৰৰ ২০১৮ চনৰ ৮ মে’ত দিল্লীৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ী আনন্দ আহুজাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ প্ৰায় ১৪ মাহৰ পিছত সোনম কাপুৰৰ লগত হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে আনন্দ আহুজাৰ লগত কেনেদৰে প্ৰেম হৈছিল আৰু তেওঁলোকৰ প্ৰেম কাহিনী কেনেকৈ আগবাঢ়িছিল সেই সম্পৰ্কে ব্যক্ত কৰে। সোনম কাপুৰৰ মন্তব্য অনুসৰি প্ৰথমতে আনন্দে তেওঁৰ বেষ্ট ফেণ্ডৰ হৈ অভিনেত্ৰী গৰাকীৰ লগত কথা পাতিছিল ৷

লগতে এজন বিদ্যালয়ৰ শিক্ষকৰ দৰে আনন্দে কথা পাতিছিল সোনম কাপুৰৰ সৈতে ৷ ইফালে সোনম কাপুৰে কয় যে মোৰ বন্ধু বান্ধবীসকলে মোক আনন্দৰ বেষ্ট ফেণ্ডৰ লগত চেট কৰাব বিছাৰিল ৷ প্ৰথমবাৰ ২০১৫ চনত প্ৰেম ৰতন ধন পায়ো নামৰ ছবিখনৰ প্ৰমোশ্যনৰ সময়ত আনন্দৰ লগত সাক্ষাৎ হয় সোনম কাপুৰৰ ৷ এদিন বিয়লি সোনম কাপুৰৰ বন্ধু বান্ধবীয়ে তাজ হোটেল লৈ যায় ৷সেই সময়তে সোনম আৰু আনন্দ মিলিত হৈছিল ৷

সোনমে লগতে কয় যে মোৰ প্ৰেম বিবাহ এইবোৰত বিশ্বাস কেতিয়াও কৰা নাছিলো ৷মই আনন্দ আৰু তেওঁৰ বেষ্ট ফেণ্ডক দেখিলো । তেওঁৰ দোস্ত মোৰ দৰে ওখ আছিল৷ মোৰ দৰে পঢ়ি ভাল পাইছিল। হিন্দী ছবি ভাল পাইছিল ৷ মুঠতে এজন পঢ়া শুনা কৰা ভাল মানুহ আছিল ৷কিন্তু যেতিয়াই মই সেই মানুহজনক দেখিছিলো,তেতিয়াই মোৰ ভাতৃ হৰ্ষৰ কথা মনত পৰি গৈছিল ৷ গতিকে মই মোৰ ভাইলৈ মনত পৰি যোৱা এজন মানুহৰ লগতে কেনেকৈ বিয়া হ’ম ৷

কেতিয়াবা মানুহৰ অনুভৱ হয় যে দুজন যুৱক যুৱতীৰ মাজত সকলো ধৰণৰ সাদৃশ্য থাকিলেই বিয়া হ’ব পাৰে বা ডেট কৰিব পাৰে ।গতিকে মোৰ কোনো বন্ধু বান্ধৱীয়ে ভবা নাছিল যে মই আৰু আনন্দ একেলগ হ’ম ৷কাৰণ ইজনে সিজনৰ পৰা পৃথক আছিলো ৷আৰু আনন্দে জনা নাছিল যে অনিল কাপুৰ মোৰ দেউতা ৷নিজৰ বেষ্ট ফেণ্ডৰ কাৰণে আনন্দে কথা পাতিলে মোৰ লগত ৷ এই মন্তব্য সোনম কাপুৰৰ ৷

পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি সোনম কাপুৰে কয় যে এদিন নিশা ২.৩০ ত মোলৈ এটি ফেণ্ড ৰিকুয়েষ্ট আহিল ৷লগতে আছিল এটি বিশেষ বাৰ্তা ৷লিখা আছিল যে তুমি চিংগল নেকি?কাৰণ আন কোনোবাও চিংগল হৈ আছে। যদি তুমি লণ্ডনত আছা তেতিয়া তুমি কথা পাতি লোৱা ৷ আৰু সোনমে তেওঁক কয় যে নিশা ২.৩০ ত মেছেজ দিব নালাগিছিল ৷

অন্যহাতে সোনম কাপুৰ, আনন্দ আহুজাৰ কাৰণে বিদ্যালয়ৰ শিক্ষকৰ দৰে ব্যৱহাৰ কৰাৰ কথাও প্ৰকাশ কৰে ৷ সোনমে আনন্দক কয় যে মোক নিশা মেছেজ নকৰিব ৷যদি আপনাৰ বন্ধুৱে মোৰ লগত কথা পাতিব বিছাৰে তেন্তে তেওঁ মোৰ লগত কথা পাতিব লাগে ৷আপুনি কিয় ?এনেধৰণে সোনম আৰু আনন্দ কথা পতা আৰম্ভ কৰে ৷লগতে ফোনত কথা পতাৰ সন্দৰ্ভতে উল্লেখ কৰে ৷দুসপ্তাহৰ পিছত সোনমে যেতিয়া আনন্দ আহুজাক প্ৰশ্ন কৰে এতিযাও আপুনি নিজৰ বন্ধুৰ কাৰণে মোৰ লগত কথা পাতিছে আছেনে ৷ তেতিয়া আনন্দে কয় যে মই তোমাক মোৰ কাৰণে সাঁচিছো ৷ এয়া আছিল বলীউডৰ সততে চৰ্চাত থকা সোনম কাপুৰ আনন্দ আহুজাৰ প্ৰেম কাহিনী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com