বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে লন্স কৰিলে ইউটিউব চেনেলঃ উৎসুক অনুৰাগী

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে লন্স কৰিলে ইউটিউব চেনেলঃ উৎসুক অনুৰাগী

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে নতুনকৈ মুকলি কৰিলে এটি ইউটিউব চেনেল ৷ টুইটাৰ আৰু ইনষ্টাগ্ৰামত সততে এক্টিভ হৈ থকা আলিয়া ভাট্টৰ ইউ টিউব চেনেলটোৰ নাম Aliabe৷ ইফালে আলিয়া ভাট্টৰ ইউ টিউব চেনেলটোক প্ৰথম দিনাই প্ৰায় ৮৭ হাজাৰ লোকে ছাবক্ৰাইব কৰিছে আৰু ২ লাখ লোকে লাইক কৰিছে ৷ আলিয়া ভাট্টে টুইটাৰৰ যোগেৰে ইউটিউব চেনেলটোৰ কথা প্ৰকাশ কৰিছে ৷

https://twitter.com/aliaa08/status/1143755719369297920

ইউটিউব চেনেলটোৰ জৰিয়তে আলিয়াই ছবিৰ দৃশ্য গ্ৰহণৰ মাজত হোৱা বিভিন্ন ঘটনা,আনন্দ প্ৰকাশ কৰিছে ৷লগতে চেনেলটোৰ জৰিয়তে ফিটনেচ স্কীপ্ত, লাইফষ্টাইল আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব। ২ মিনিট ৪২ ছেকেণ্ডৰ এটি ভিডিঅ’ৰ জৰিয়তে আলিয়া ভাট্টে কয় যে ইনষ্টাগ্ৰাম,টুইটাৰৰ জৰিয়তে অনুৰাগীয়ে মোক বহুত মৰম দিলে৷সম্প্ৰতি ইউটিউবৰ জৰিয়তে বন্ধু বান্ধবীসকলৰ লগত একত্ৰিত হ’ম ৷

উল্লেখ্য যে আলিয়া ভাট্ট হৈছে বলীউডৰ প্ৰথম অভিনেত্ৰী যিয়ে ইউটিউব চেনেল লন্স কৰিছে ৷ কিন্তু বলীউডত এনে বহু ষ্টাৰ আছে যিয়ে ছ’চিয়েল মিডিয়াৰ এই প্লেটফৰ্মৰ পৰা আঁতৰি আছে।

আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com