সংবাদদাতাৰ ওপৰত ক্ষোভ প্ৰকাশ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ

সংবাদদাতাৰ ওপৰত ক্ষোভ প্ৰকাশ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ প্ৰায়ে চৰ্চাত থাকে ৷ ব্যতিক্ৰম নহয় এইবাৰো ৷সম্প্ৰতি জজমেন্টেল হ্যে কিয়া নামৰ ছবিখনৰ এটি গীতৰ লন্স কৰাৰ অনুষ্ঠানত এজন সংবাদ দাতাৰ ওপৰত টিঙিৰি তুলা হৈ পৰে কংগনা ৰানাউট ৷ অনুষ্ঠানটিত কংগনাই পত্ৰকাৰজনক উদ্দেশ্য কৰি কয় যে তুমিতো মোৰ শত্ৰু হৈ গ’লা ৷ বহুত নিম্ন মানদণ্ডৰ কথা লিখি আছা মোৰ বিষয়ে ৷ইমান বেয়া কেনেকৈ ভাবিব পাৰা ৷

কংগনাৰ প্ৰতিক্ৰিয়াৰ পিছতে সংবাদদাতা গৰাকীয়ে কয় যে এনেধৰণৰ অভিযোগ ভাল কথা নহয় ৷তেতিয়া কংগনা ৰানাউটে কয় যে তোমাৰ কাৰণে এনে ধৰণৰ ব্যৱহাৰ উচিত ৷ লগতে মণিকৰ্নিকা ছবিৰ প্ৰসংগৰ কথা উল্লেখ কৰি কংগনাই কয় যে তুমি কৈছিল যে মই এগৰাকী জিংগোষ্টিক মহিলা ৷যিয়ে মনিকৰ্নিকা নিৰ্মাণ কৰিছিল ৷

লগতে জাতীয়তাবাদৰ ক্ষেত্ৰত ছবি নিৰ্মাণ কৰি মই কিবা ভূল কাম কৰিলো নেকি বুলিও প্ৰশ্ন কৰে কংগনা ৰানাউটে ৷ তেতিয়া সংবাদদাতা গৰাকীয়ে কয় যে মই মনিকৰ্ণিকা ছবিক লৈ কোনো টুইট কৰা নাই ৷ কংগনা ৰানাউটে কয় যে মই তোমাক সেই টুইট দিম৷ ইয়াৰ লগে লগে সংবাদদাতা গৰাকী কয় যে এইয়া ভাল কথা নহয় ৷আপুনি লগত শক্তি আছে বুলিয়েই সংবাদদাতাক ভয় খুৱাব নোৱাৰে ৷তেতিয়া কংগনাই কয় যে মই কাকো ভয় খুওৱা নাই ৷ সকলোৱে যেনেধৰণে কাম কৰি আছে মইও তেনেধৰণে কথা পাতিছো ৷

কংগনা ৰানাউটে লগতে সংবাদদাতা গৰাকীক কয় যে তুমি মোৰ ৱেনেটী ভানত আহিছিলা ৷ তুমি মোৰ তিনি ঘন্টা ধৰি সাক্ষাৎকাৰ লৈছিলা ৷তুমি মোৰ বন্ধু আছিলা ৷যেতিয়া তুমি ভেনেটি ভানৰ পৰা ওলালা সকলোবোৰ পৰিৱৰ্তন হৈ গ’ল ৷মই তোমাক ব্যক্তিগত ভাৱে জানো ৷গতিকে তুমি ন’কবা যে মই তোমাক ভয় খুৱাবলৈ যত্ন কৰিছোঁ ৷ তুমি মোক ব্যক্তিগতভাৱে মেছেছ কৰিছিলা ৷গতিকে মই এগৰাকী ষ্টাৰৰ দৰে কথা পাতিছো বুলি ন’কবা ৷ কিন্তু ইয়াৰ বিপৰীতে সংবাদদাতা জনে কংগনাক কয় যে মই আপোনাক কোনো ব্যক্তিগত মেছেজ দিয়া নাছিলো ৷মই আপোনাৰ সাক্ষাৎকাৰ লৈছিলো যদিও আধা ঘন্টাহে লৈছিলো৷ তিনি ঘন্টা লোৱা নাছিলো ৷আমি একেলগে লান্স কৰা নাছিলো ৷ মই নিজৰ কাম কৰিছিলো ৷

ইফালে কংগনাই সংবাদ দাতাজনক কয় যে মই তোমাৰ লগত কথা পাতিব নিবিছাৰোঁ ৷তুমি মোক বদনাম কৰিবৰ চেষ্টা কৰিছা ৷ ইয়াৰ পিছতে কংগনা আৰু সংবাদদাতাজনৰ মনোমালিন্য বৃদ্ধি পায় আৰু একতা কাপুৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত আছিল ৰাজকুমাৰ ৰাওৰ লগতে ছবিখনৰ কলা কুশলী সকল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com