বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ ধাকড়ৰ প’ষ্টাৰ মুকলিঃউৎসুক অনুৰাগী

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ ধাকড়ৰ প’ষ্টাৰ মুকলিঃউৎসুক অনুৰাগী

বলীউডৰ কুইন কংগনা ৰানাউট সম্প্ৰতি ইখনৰ পিছত সিখন ছবিত ব্যস্ত হৈ আছে ৷ বুধবাৰে কংগনাৰ ছবি জজমেন্টেল হ্যে ক্যিয়া ছবিৰ ট্ৰেইলৰ মুক্তি লাভ কৰিলে ৷ট্ৰেইলটোৰ পুনৰ কংগনা আৰু ৰাজকুমাৰ ৰাওৰ মোহনীয় অভিনয় দেখিবলৈ পোৱা গৈছে। প্ৰকাশ কোবেলামুদীৰ নিৰ্দেশত নিৰ্মাণ কৰা ছবিখন মুক্তি পাব ২৬ জুলাইত ৷ ছবিখনত কিছু কিছু দৃশ্য চিমৰান ছবিখনৰ লগত সাদৃশ্য আছে ৷

য’ত কংগনা ৰানাউটে কমেডী কৰে তাতেই যেন কংগনাৰ প্ৰতিভা ফুটি উঠিছে ৷ কংগনা ৰানাউটৰ লগত ৰাজকুমাৰ ৰাওে অতি সাৱলীলতাৰে অভিনয় কৰিছে ৷ গতিকে সম্প্ৰতি হত্যা,প্ৰেম আদি বিভিন্ন দৃশ্যৰ সমাবেশেৰে দৰ্শকৰ মাজত উৎসুকতা বঢ়াইছে জজমেন্টেল হ্যে ক্যিয়া ছবিখনে ৷ উল্লেখ্য যে ছবিখনৰ প্ৰথম নামটো আছিল মেন্টেল হ্যে কিয়া ৷ কিন্তু বহু তৰ্ক বিতৰ্কৰ অন্তঃত ছবিখনৰ নাম জজমেন্টেল হ্যে কিয়া নামলৈ পৰিৱৰ্তন কৰে ।

ইয়াৰ পিছতে শনিবাৰে কংগনা ৰানাউটৰ আন এখন ছবি ধাকড়ৰ প্ৰথম প’ষ্টাৰ মুকলি হ’ল ৷ প’ষ্টাৰখনত কংগনাক দুয়োখন হাতেৰে বন্দুক ধৰি থকা দেখিবলৈ পোৱা গৈছে ৷গতিকে প্ৰথম প’ষ্টাৰ খনৰ পৰা অনুমান কৰিব পাৰি যে ছবি খন বিশেষকৈয়ে এখন এক্সন ধৰ্মী ছবি হ’ব৷

https://twitter.com/taran_adarsh/status/1147344457982808065

ইফালে ছবি সমালোচক তৰুণ আদৰ্শই ধাকড় ছবিৰ ফাষ্ট লুক টুইটাৰ যোগে প্ৰকাশ কৰিছে ৷ ধাকড় হৈছে এক্সধৰ্মী ছবি ৷অনাগত বৰ্ষৰ দেৱালীত ধাকড়ে মুক্তি লাভ কৰিব ৷ ধাকড় আৰু বলীউডৰ অভিনেতা বৰণ ধাৱনৰ ছবি ৰণভূমিৰ মাজত অনাগত বৰ্ষত দেখিবলৈ পোৱা যাব বিশাল প্ৰতিযোগিতা ৷ৰণভূমি নিৰ্মাণ কৰিছে কৰণ জোহৰে । কৰণ জোহৰে এই ছবিখনৰ বিষয়ে চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীমাহত কৰিছিল ৷

গতিকে ২০২০ ৰ দেৱালীত হ’ব কংগনা ৰানাউট আৰু বৰণ ধাৱানৰ মাজত প্ৰতিযোগিতা ৷কংগনা ৰানাউট সম্প্ৰতি বিভিন্ন প্ৰজেক্টত ব্যস্ত আছে ৷তাৰ ভিতৰত জজমেন্টেল হ্যে ক্যিয়া,পাংগা আদি অন্যতম ৷লগতে ছেপ্তেম্বৰৰ পৰা কংগনা ব্যস্ত হৈ পৰিব জয়াললিতাৰ বায়’পিকত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com