মুক্তি পালে জজমেন্টেল হ্যে কিয়া ছবিৰ ট্ৰেইলৰঃউৎসুক অনুৰাগী

মুক্তি পালে জজমেন্টেল হ্যে কিয়া ছবিৰ ট্ৰেইলৰঃউৎসুক অনুৰাগী

মুক্তি পালে কংগনা ৰাণাউট আৰু ৰাজকুমাৰ ৰাওৰ জজমেন্টেল হ্যে ক্যিয়া ছবিৰ ট্ৰেইলৰ ৷ মংগলবাৰে ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰে ৷ট্ৰেইলটোৰ পুনৰ কংগনা আৰু ৰাজকুমাৰ ৰাওৰ মোহনীয় অভিনয় দেখিবলৈ পোৱা গৈছে। প্ৰকাশ কোবেলামুদীৰ নিৰ্দেশত নিৰ্মাণ কৰা ছবিখন মুক্তি পাব ২৬ জুলাইত ৷ ছবিখনত কিছু কিছু দৃশ্য চিমৰান ছবিখনৰ লগত সাদৃশ্য আছে ৷

য’ত কংগনা ৰানাউটে কমেডী কৰে তাতেই যেন কংগনাৰ প্ৰতিভা ফুটি উঠিছে ৷ কংগনা ৰানাউটৰ লগত ৰাজকুমাৰ ৰাওে অতি সাৱলীলতাৰে অভিনয় কৰিছে ৷ গতিকে সম্প্ৰতি হত্যা,প্ৰেম আদি বিভিন্ন দৃশ্যৰ সমাবেশেৰে দৰ্শকৰ মাজত উৎসুকতা বঢ়াইছে জজমেন্টেল হ্যে ক্যিয়া ছবিখনে ৷ উল্লেখ্য যে ছবিখনৰ প্ৰথম নামটো আছিল মেন্টেল হ্যে কিয়া ৷ কিন্তু বহু তৰ্ক বিতৰ্কৰ অন্তঃত ছবিখনৰ নাম জজমেন্টেল হ্যে কিয়া নামলৈ পৰিৱৰ্তন কৰে ।

https://www.instagram.com/p/BzZ5qlDJhbF/

প্ৰথমবাৰৰ কাৰণে মানসিক ৰোগীৰ চৰিত্ৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও ৷ কংগনা ৰানাউড আৰু ৰাজকুমাৰ ৰাওে কুইন ছবিৰ পিছত আকৌ এবাৰ ৰূপালী পৰ্দালৈ আহিব জাজমেন্টেল হ্যে কিয়া ছবিৰ জৰিয়তে ৷ গতিকে সম্প্ৰতি চৰ্চাত আছে ৰাজকুমাৰ আৰু কংগনা ৷ইফালে জাজমেন্টেল হ্যে কিয়া ছবিত প্ৰথমবাৰৰ কাৰণে ৰাজকুমাৰে নেতিবাছক চৰিত্ৰত অভিনয় কৰিব ৷ ছবিখনৰ সন্দৰ্ভে অহা তথ্য অনুসৰি এক চিৰিয়েল কিলাৰৰ চৰিত্ৰত অভিনয় কৰিব ৰাজকুমাৰে ৷

https://www.instagram.com/p/BzX7k1LnMxR/

লগতে কংগনা ৰানাউটে মেন্টেল বিষয়বোৰৰ সন্দৰ্ভত বুজা বুজি কৰে । কংগনা আৰু ৰাজকুমাৰ ৰাওে বুলগেৰিয়াত মিলিত হয় ৷ আৰু ইয়াৰ পিছতেই আৰম্ভ হয় ছবিখনৰ কাহিনী ৷ ছবিখনৰ ট্ৰেইলৰ ১৯ জুনত আৰম্ভ হোৱাৰ কথা আছিল ৷ কিন্তু চেন্সৰ বৰ্ডকে আদি কৰি বিভিন্ন প্ৰসংগই ছবিখনৰ ট্ৰেইলৰ মুক্তি কৰাৰ তাৰিখ পিছুৱাই আনে ৷অন্যহাতে ছবিখনৰ দৃশ্যগ্ৰহণ ছটা পৃথক পৃথক মাহত হয় ৷ ইয়াৰ কাৰণে বহু ফুটেজ জমা হৈছে ৷ গতিকে এই সকলোবোৰৰ মাজত কোনটো ফুটেজ ল’ব এই সম্পৰ্কে তেওঁলোকে চিন্তা চৰ্চা কৰিছে ৷

ছবিখনত আমায়াৰা দস্তুৰে এক গুৰুত্ব পূৰ্ণ ভূমিকাত অভিনয় কৰিছে ৷উল্লেখ্য যে ৰাজকুমাৰ ৰাও আৰু কংগনা ৰানাউট দ্বিতীয়বাৰৰ কাৰণে একেলগে ছবিত দেখিবলৈ পোৱা যাব৷ ইয়াৰ পূৰ্বতে ২০১৪ চনত মুক্তি প্ৰাপ্ত ছবি কুইনত দেখা পোৱা গৈছিল ৷ উল্লেখ্য যে টাইটেল আৰু কাহিনীটোক লৈ সম্প্ৰতি চিকিৎসক সকলে বিৰোধ প্ৰদৰ্শন কৰিছে ৷তেওঁলোকৰ মন্তব্য যে মেন্টেল শব্দৰ অৰ্থ যে মানসিক ৰোগত আক্ৰান্ত লোকসকলক উপলুঙা কৰা ধৰণৰ কথা ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com