Begin typing your search above and press return to search.

প্ৰথমবাৰৰ কাৰণে মানসিক ৰোগীৰ চৰিত্ৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও

প্ৰথমবাৰৰ কাৰণে মানসিক ৰোগীৰ চৰিত্ৰত বলীউডৰ অভিনেতা  ৰাজকুমাৰ ৰাও

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 12:04 PM GMT

প্ৰথমবাৰৰ কাৰণে নিগেটি মানসিক ৰোগীৰ চৰিত্ৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও ৷ কংগনা ৰানাউড আৰু ৰাজকুমাৰ ৰাওে কুইন ছবিৰ পিছত আকৌ এবাৰ ৰূপালী পৰ্দালৈ আহিব মেন্টেল হ্যে কিয়া ছবিৰ জৰিয়তে ৷ গতিকে সম্প্ৰতি চৰ্চাত আছে ৰাজকুমাৰ আৰু কংগনা ৷ইফালে মেন্টেল হ্যে কিয়া ছবিত প্ৰথমবাৰৰ কাৰণে ৰাজকুমাৰে নেতিবাছক চৰিত্ৰত অভিনয় কৰিব ৷ ছবিখনৰ সন্দৰ্ভে অহা তথ্য অনুসৰি এক চিৰিয়েল কিলাৰৰ চৰিত্ৰত অভিনয় কৰিব ৰাজকুমাৰে ৷

ছবিখনৰ ট্ৰেইলৰ মুকলি হ’ব বুলি জানিব পৰা গৈছে ৷ লগতে কংগনা ৰানাউটে মেন্টেল বিষয়বোৰৰ সন্দৰ্ভত বুজা বুজি কৰে । কংগনা আৰু ৰাজকুমাৰ ৰাওে বুলগেৰিয়াত মিলিত হয় ৷ আৰু ইয়াৰ পিছতেই আৰম্ভ হয় ছবিখনৰ কাহিনী ৷ ছবিখনৰ ট্ৰেইলৰ ১৯ জুনত আৰম্ভ হোৱাৰ কথা আছিল ৷ কিন্তু চেন্সৰ বৰ্ডকে আদি কৰি বিভিন্ন প্ৰসংগই ছবিখনৰ ট্ৰেইলৰ মুক্তি কৰাৰ তাৰিখ পিছুৱাই আনে ৷

অন্যহাতে ছবিখনৰ দৃশ্যগ্ৰহণ ছটা পৃথক পৃথক মাহত হয় ৷ ইয়াৰ কাৰণে বহু ফুটেজ জমা হৈছে ৷ গতিকে এই সকলোবোৰৰ মাজত কোনটো ফুটেজ ল’ব এই সম্পৰ্কে তেওঁলোকে চিন্তা চৰ্চা কৰিছে ৷মেন্টেল হ্যে কিয়া ছবিখনত আমায়াৰা দস্তুৰে এক গুৰুত্ব পূৰ্ণ ভূমিকাত অভিনয় কৰিছে ৷

উল্লেখ্য যে ৰাজকুমাৰ ৰাও আৰু কংগনা ৰানাউট দ্বিতীয়বাৰৰ কাৰণে একেলগে ছবিত দেখিবলৈ পোৱা যাব৷ ইয়াৰ পূৰ্বতে ২০১৪ চনত মুক্তি প্ৰাপ্ত ছবি কুইনত দেখা পোৱা গৈছিল ৷ উল্লেখ্য যে টাইটেল আৰু কাহিনীটোক লৈ সম্প্ৰতি চিকিৎসক সকলে বিৰোধ প্ৰদৰ্শন কৰিছে ৷তেওঁলোকৰ মন্তব্য যে মেন্টেল শব্দৰ অৰ্থ যে মানসিক ৰোগত আক্ৰান্ত লোকসকলক উপলুঙা কৰা ধৰণৰ কথা ৷

গতিকে ছবিখনৰ টাইটেলটোৱে মানসিক ৰোগীসমূহক অপমানজনক,ভেদভাৱ আৰু অমানৱীয় ৰূপত উপস্থাপন কৰিছে ৷ ইফালে ছবিখন মুক্তি পাব চলিত মাহৰ ২৬ জুলাইত ৷

অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

অধিক খবৰৰ বাবে পঢ়ক: কংগনা ৰানাউট আৰু ৰাজকুমাৰ ৰাওৰ অভিনীত মেন্টেল হ্যে ক্যিয়াৰ দ্বিতীয়খন প’ষ্টাৰ মুকলি

Next Story
চাকৰি