বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে আৰম্ভ কৰিলে অংগ্ৰেজী মিডিয়ামৰ দৃশ্য গ্ৰহণ

বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে আৰম্ভ কৰিলে অংগ্ৰেজী মিডিয়ামৰ দৃশ্য গ্ৰহণ

বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে অংগ্ৰেজী মিডিয়ামৰ দৃশ্য গ্ৰহণ আৰম্ভ কৰিলে ৷ এই ছবিখনত কৰীনাক ইৰফান খানৰ সৈতে দেখা যাব। ছ’চিয়েল মিডিয়াত কৰীনা কাপুৰৰ দৃশ্যগ্ৰহণৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ৷অংগ্ৰেজী মিডিয়াম হৈছে হিন্দী মিডিয়ামৰ চিকুৱেল ৷

ইফালে সম্প্ৰতি কৰীনা কাপুৰ খানৰ বলীউডত ১৯ বছৰ সম্পূৰ্ণ হৈছে ৷ ২০০০ চনৰ ৩০ জুনত কৰীনাৰ প্ৰথম ছবি ৰিফিউজী মুক্তি লাভ কৰিছিল ৷অংগ্ৰেজী মিডিয়ামৰ পৰিচালনা কৰিছে হোমী অদজানিয়াই ৷ প্ৰযোজনা কৰিছে দিনেশ বিজেনৰ ৷কৰীনা কাপুৰ এই ছবি খনত এগৰাকী লেডী কপৰ ভূমিকাত অভিনয় কৰিছে । সম্প্ৰতি ছবিখনৰ দৃশ্যগ্ৰহণ লণ্ডনত সম্পন্ন হৈছে ৷

ইফালে বলীউডৰ আন এগৰাকী অভিনেত্ৰী কৃতি চাননেও পানিপতৰ দৃশ্যগ্ৰহণৰ তথ্য প্ৰকাশ কৰিছে ৷ ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰি কৃতি চাননে সহ অভিনেতা অৰ্জুন কাপুৰক ধন্যবাদ জ্ঞাপন কৰে ৷কৃতি চানন আৰু অৰ্জুন কাপুৰৰ ছবি পানীপত মুক্তি লাভ কৰিব ৬ ডিচেম্বৰত ৷ কৃতি চাননে এই ছবিখনত পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছে।

বলীউডৰ অভিনেতা ইৰফান খান সম্প্ৰতি সুস্থ হৈ পুনৰ গতানুগতিক কৰ্মলৈ উভতি আহিছে ৷ অভিনেতা ইৰফান খানে সম্প্ৰতি উদয়পুৰত “হিন্দী মিডিয়ামৰ” চিকুৱেল অংগ্ৰেজী মিডিয়ামৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে। হিন্দী মিডিয়াম ২০১৭ বৰ্ষৰ এখন উল্লেখযোগ্য ছবি আছিল। চান্দনী চ’কৰ দম্পতীৰ জীয়তী উচ্চ শিক্ষাৰ দিয়াৰ প্ৰক্ৰিয়া তথা তেওঁলোকসকলৰ জীৱনৰ উত্থান পতনক দৰ্শকে আদৰি লৈছিল ৷

ইফালে বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ গুড নিউজৰ অভিনয় কৰিছে ৷অলপতে ছবি খন সহ শিল্পী দিলজিত দোসাঞ্জৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।দিলজিত দোসাঞ্জে শেহতীয়াকৈ কণ্ঠদান কৰা Kylie and kareena শীৰ্ষক গীতটিৰ ভিডিঅ’টি কাৰণে কৰীনাই ভূয়সী প্ৰশংসা কৰিলে দিলজিতক ৷

বলীউডৰ সুন্দৰী কৰীনাই কয় যে দিলজিতে বহুত সীমিত পৰিমাণে কথা কয়। যাৰ কাৰণে অভিনেতা তথা গায়ক জনক পছন্দ কৰে কৰীনা কাপুৰ খানে। অন্যহাতে পৰৱৰ্তী ছবিসমূহত আৰু অধিক কথা পতাৰ দিলজিত দোসাঞ্জক প্ৰতিশ্ৰুতি দিয়ে কৰীনা কাপুৰ খানে ৷ লগতে, দিলজিত দোসাঞ্জে কৰীনা কাপুৰ খানৰ মন্তব্য,আগবঢ়াইছে অনুৰাগীলৈ ৷

উল্লেখযোগ্য যে গুড নিউজৰ ছবিখনত অক্ষয় কুমাৰ, দিলজিত দোসাঞ্জ,কৰীনা কাপুৰ খান আৰু কাইৰা আদৱানিৰ লগত অভিনয় কৰিছে বহু ন পুৰণি শিল্পীয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com