সমগ্ৰ দেশৰ লগতে বলীউডৰ চেলীব্ৰেটীসকলৰ ঈদৰ শুভেচ্ছা

সমগ্ৰ দেশৰ লগতে বলীউডৰ চেলীব্ৰেটীসকলৰ ঈদৰ শুভেচ্ছা

সমগ্ৰ দেশৰ লগতে বলীউডৰ চেলীব্ৰেটীসকলে ধুম ধামেৰে পালন কৰিছে ঈদ।ইতিমধ্যে টুইটাৰৰ জৰিয়তে বলীউডৰ চেলীব্ৰেটীসকলে ঈদৰ শুভেচ্ছা পালন কৰিছে ৷ অমিতাভ বচ্ছন,দিলীপ কুমাৰ,বৰুণ ধাৱন, শ্ৰদ্ধা কাপুৰ, ভূষণ কুমাৰৰ লগতে বহু বি টাউনৰ চেলী ব্ৰেটীয়ে ঈদৰ শুভেচ্ছা জনাইছে ৷

ইয়াৰ ভিতৰত বলীউডৰ বিগ বি অমিতাভ বচ্ছনে ইছলাম ধৰ্মীলোকসকলক ঈদৰ শুভেচ্ছা জনাইছে। লগতে লিখে যে ঈদ মোবাৰক সকলোৰে মাজত শান্তি সমৃদ্ধি বৰ্তি থাকক ৷

https://twitter.com/SrBachchan/status/1135985124531552257

আনহাতে দিলীপ কুমাৰেও টুইটাৰ যোগে এখল ফ’টো শ্বেয়াৰ কৰি ঈদৰ শুভেচ্ছা দিয়ে ৷

https://twitter.com/TheDilipKumar/status/1136093060557705216

ভূষণ কুমাৰেও টুইটাৰৰ যোগেদি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শুভেচ্ছা বাৰ্তাত লিখে যে ঈদৰ এই উৎসৱে আপোনাৰ জীৱনলৈ সুখৰ বাৰ্তা বহন কৰিব ৷ আপোনাৰ হৃদয়খন প্ৰেম,জ্ঞান আৰু আনন্দৰে ভৰি পৰক ৷ সকলোকে ঈদৰ শুভেচ্ছা ৷

ইফালে অনতি পলমে ষ্ট্ৰীট ডান্সাৰ ৩ ডিৰ জৰিয়তে দৰ্শকৰ মাজলৈ অহা বৰুণ ধাৱনেও ঈদৰ শুভেচ্ছা জনায় ৷

https://twitter.com/Varun_dvn/status/1135781873756594176

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও সকলোকে ঈদৰ শুভেচ্ছা জনায়। লগতে সকলোকে শান্তি, সম্প্ৰীতি,একতাৰ বান্ধোনেৰে থাকিবলৈ আহ্বান কৰে শ্ৰদ্ধা কাপুৰে।

https://twitter.com/ShraddhaKapoor/status/1135807921651179520

শংকৰ মহাদেৱনে নিজৰ প্ৰিয় বন্ধু চেলীম মাৰ্চেন্ট আৰু চুলেইমান মাৰ্চেন্টক উদ্দেশ্য কৰি ঈদৰ শুভেচ্ছা জনায় ৷

https://twitter.com/Shankar_Live/status/1136167168247095296

লগতে লিখে যে মৰমৰ চেলীম আৰু চুলেইমান য়ে খুডা গানটো নিৰ্মাণ কৰাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ ৷ উৎকৃষ্ট সংগীত আৰু সুন্দৰে কণ্ঠৰে গোৱা গানটো শুনিলে মনত শান্তি লাগে ৷ আপোনালোকলৈ ঈদৰ শুভেচ্ছা ৷

ইফালে আজি মুক্তি লাভ কৰিছে বহু চৰ্চিত ছবি ভাৰতে ৷ ঈদ আৰু ভাৰত ছবিৰ সংমিশ্ৰনৰে সম্প্ৰতি চলচ্চিত্ৰ প্ৰেমীৰ আনন্দ বৃদ্ধি কৰিছে ৷ দেখা যায় যে ছলমান খানৰ ছবিসমূহে ঈদত মুক্তি লাভ কৰে ৷ এতিয়ালকৈ ঈদত মুক্তি লাভ কৰা ছবিসমূহৰ ভিতৰত ভাৰত হৈছে ১০ নম্বৰৰ ছবি ৷ যি কি নহওক ভাৰত ছবিক অনুৰাগীসকলে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলে ৷

সংবাদ মাধ্যমৰ লগত হোৱা কথা বাৰ্তাত কেটৰীনা কাইফে কয় যে ভাৰত ছবিখনৰ কাৰণে কেটৰীনা কাইফক কোনো যোগাযোগ কৰিছিল সেইটো ডাঙৰ কথা নহয়। অৱশ্যে ভাৰত ছবিৰ কাৰণে মোক কোনো নিৰ্বাচন কৰিলে সেয়াও ডাঙৰ কথা নহয় ৷

ছলমান খানৰ লগত টাইগাৰ জিন্দা হ্যে ছবিখনৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ থাঁকোতে আলি আব্বাছে মোক ভাৰতৰ কাহিনী শুনাইছিল ৷লগতে কেটৰীনা কাইফে কয় যে মই প্ৰত্যেকবাৰে ছলমান খানৰ ছবিত অভিনয় নকৰোঁ ৷যদি প্ৰিয়াংকা চোপ্ৰাক ভাৰত ছবিৰ কাৰণে নিৰ্বাচন কৰা হৈছিল ৷আৰু প্ৰিয়াংকাৰ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ নিজৰ কাৰণ আছে ৷ ভাৰত মোৰ ভাগ্যত আছিল ৷আৰু এই ছবিখনত অভিনয় কৰি মই বহুত সুখী ৷যেতিয়া মই ভাৰত ছবিৰ কাহিনী পঢ়িছিলো ৷তেতিয়াই মই কাইনীটোৰ প্ৰতি আকৃষ্ট হৈছিলো ৷আৰু মোৰ মতে অভিনয় জীৱনৰ আটাইতকৈ ভাল চৰিত্ৰ ভাৰত ছবিৰ চৰিত্ৰটো ৷

ইফালে প্ৰিয়াংকা চোপ্ৰাক উদ্দেশ্য কৰি বলীউডৰ ভাইজান ছলমান খানে মন্তব্য কৰিছিল যে প্ৰিয়াংকা চোপ্ৰাই নিজৰ সম্পূৰ্ণ জীৱনত কঠিন শ্ৰম কৰিছে ৷ইয়াৰ পিছত যেতিয়া জীৱনৰ আটাইতকৈ বৃহৎ ছবিখন হাতলৈ আহিছিল,তেতিয়া প্ৰিয়াংকাক সেই ছবিখনৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি বিবাহ পাশত আৱদ্ধ হ’ল ৷ সাধাৰণতে,কিছু সংখ্যক মহিলাই এনেধৰণৰ ছবিৰ কাৰণে স্বামীক এৰি দিয়ে ৷গতিকে এই ক্ষেত্ৰত প্ৰিয়াংকা চোপ্ৰা যথেষ্ট সন্মানীয় ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com