বলীউডৰ চৰ্চিত প্ৰেমিক যুগলক দেখা গ’ল মুম্বাইৰ বিমানবন্দৰত

বলীউডৰ চৰ্চিত প্ৰেমিক যুগলক দেখা গ’ল মুম্বাইৰ বিমানবন্দৰত
Published on

বলীউডৰ নৃত্যশিল্পী, অভিনেত্ৰী আৰু বিছাৰক মলাইকা আৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰ হৈছে বি টাউনৰ সকলোতকৈ চৰ্চিত প্ৰেমিক যুগল ৷ সোমবাৰে নিশা অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাক মুম্বাইৰ বিমান বন্দৰত দেখা গ’ল ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ইতিমধ্যে লণ্ডনত থকা কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰক সাক্ষাৎ কৰিব।

কাৰণ ২৬ জুনত অৰ্জুন কাপুৰে নিজৰ ৩৪ বছৰীয়া জন্ম দিন পালন কৰিব ৷ইয়াৰ কাৰণে অৰ্জুন কাপুৰ,মলাইকা আৰোৰা,চৈইফ আলী খান,কৰীনা কাপুৰ আৰু কৰিশ্মা কাপুৰ একেলগে জন্মদিন উদযাপন কৰিব ৷ ইফালে কৰিশ্মা কাপুৰে ভগ্নী কৰীনা কাপুৰৰ লগত নিজৰ জন্ম দিন পালন কৰিছে লণ্ডনত ৷ গতিকে মলাইকা আৰোৰা,কৰীনা কাপুৰ,কৰিশ্মা কাপুৰ বহুত ভাল বন্ধু বুলি সকলোৱে জানে ৷ গতিকে, সকলোৱে মিলি কৰিশ্মা আৰু অৰ্জুনৰ জন্ম দিন বিশেষধৰণে উদযাপন কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে মুম্বাইৰ বিমান বন্দৰত ৰঙা পোচাকেৰে অত্যন্ত সুন্দৰ দেখাইছে মলাইকা আৰোৰাক ।আৰু নীলা ৰঙৰ জিনছ,ক’লা আৰু নীলা ৰঙৰ টি চাৰ্ট পৰিধান কৰা অৰ্জুনক অতি সুন্দৰ দেখাইছে। উল্লেখ্য যে সততে মলাইকা আৰোৰা খান আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কই মিডিয়াত চৰ্চা লাভ কৰি আছে ৷

দুয়োজন ষ্টাৰৰ প্ৰেমে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰেমৰ প্ৰসংগৰ চৰ্চা লাভ কৰাৰ পিছত চৰ্চা লাভ কৰে বিবাহে ৷ মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ বিবাহস্থলী,দুয়োজনে লগ কৰাৰ বিভিন্ন ঠাইয়ে অনুৰাগীসকলক বাৰুকৈয়ে উৎসুক কৰি তোলে।

প্ৰথমতে ওলোৱা এক খবৰ অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ১৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব ৷ কিন্তু এই খবৰ নসাৎ হোৱাৰ পিছত দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই জুনত বিবাহ পাশত আৱদ্ধ হোৱা খবৰ আহি পৰিছে ৷ এই সন্দৰ্ভে অৰ্জুন কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই সম্প্ৰতি বিয়াৰ কথা ভবা নাই ৷সম্প্ৰতি মোৰ বয়স ৩৩ বছৰ ৷ যদি মই বিয়া পাতো তেতিয়া সকলো লোকেই জালিব পাৰিব ৷কাৰণ আজি কালি কোনো কথাই লুকাই নাথাকে।

ইফালে মলাইকা আৰোৰাৰ বিবাহৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ মলাইকা আৰোৰাই অৰ্জুন কাপুৰৰ লগত বিয়া হোৱা খবৰ খণ্ডন কৰে ৷মলাইকাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই খবৰ সমূহ সত্য নহয় ৷ উল্লেখযোগ্য যে প্ৰায় আৰব্বাজ খানৰ লগত বিবাহ বিচ্ছেদ কৰাৰ পিছত মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ চৰ্চা লাভ কৰিছিল ৷ ৪৫ বছৰীয়া মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে আজি কিছুদিনৰ আগতে মালদ্বীপত একেলগে সময় কটাই আহিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com