Begin typing your search above and press return to search.

বলীউডৰ চৰ্চিত দম্পতীৰ পৰিয়াল সহিতে উপস্থিত লণ্ডনতঃ উৎসুক অনুৰাগী

বলীউডৰ চৰ্চিত দম্পতীৰ পৰিয়াল সহিতে উপস্থিত লণ্ডনতঃ উৎসুক অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 12:20 PM GMT

বলীউডৰ অভিনেত্ৰী তথা চৰ্চিত দম্পতী কৰীনা কাপুৰ খান আৰু চৈইফ আলী খান আৰু পুত্ৰ টেইমুৰ ব্যস্ত আছে আজৰি সময় কটোৱাত ৷ চৈইফ আলি খানে কৰীনা কাপুৰ খান আৰু পুত্ৰ টেইমুৰৰ লগত লণ্ডনত কটোৱা প্ৰতিটো মুহুৰ্তত সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ৷ কৰীনা আৰু চৈইফ আলী খানে লণ্ডনৰ লগতে বহু কেইখন দেশত উপস্থিত হোৱা ফ’টোসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

এই ফ’টোসমূহত টেইমূৰ কৰীনা কাপুৰ খানৰ কোলোত উঠি থকা দেখিবলৈ পোৱা গৈছে ৷ ইফালে লণ্ডনৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ পিছতে কৰীনা কাপুৰ খানে ইৰফান খানৰ ছবি অংগ্ৰেজী মিডিয়ামৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব ৷ এই ছবিখনত কৰীনা কাপুৰ খানে আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে৷

অন্যহাতে চৈইফ আলী খানে সদ্যহতে ৱেব চিৰীজ চেক্ৰেদ গেম্ছ ২ ৰ দৃশ্য গ্ৰহণ সমাপ্ত কৰিছে ৷ আৰু অনতি পলমে অন্য এখন ছবি ভূত পুলিছৰ দৃশ্য গ্ৰহণ আৰম্ভ কৰিব৷ লগতে জৱানী জানেমন আৰু অজয় দেৱগনৰ সপোনৰ প্ৰজেক্ট তানাজীটো এক বিশেষ চৰিত্ৰত দেখা যাব চৈইফ আলী খানক।

বলীউডৰ ষ্টাৰ কিডসকলৰ ভিতৰত টেইমুৰ আলি খানৰ জনপ্ৰিয়তা কিমান সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। টেইমুৰ যে কেৱল দেশবাসীৰে প্ৰিয় তেনে নহয় ৷টেইমুৰ কৰীনা কাপুৰ খান আৰু চেইফ আলী খানৰ পৰিয়ালৰো নয়নৰ মণি ৷

শেহতীয়াকৈ কৰীনা কাপুৰ খানে কণমানি টেইমুৰৰ প্ৰসংগত কয় যে টেইমুৰ পিতৃৰ দৰেই দুষ্ট। লগতে কৰীনাই কয় যে মাতৃ হোৱাটো এক বিশেষ সোভাগ্য আৰু আৱেগিক মুহুৰ্ত ৷টেইমুৰ আলি খানৰ লগত থকা সময় খিনি কৰীনা কাপুৰ খানৰ কাৰণে বহু মহত্ত্ব পূৰ্ণ ৷ কৰীনা কাপুৰ খানে লগতে কয় যে টেইমুৰ আলী খান বহুত মৰম লগা ৷ টেইমুৰ আলি খানে সকলো অনুৰাগীকে মৰমৰে সম্বান্ধিত কৰে ৷

টাইমুৰ আলি খানে সদায় বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ সম্প্ৰতি ভাৰতীয় ছবি ষ্টাৰ কিডসকলৰ ভিতৰত টাইমুৰৰ জনপ্ৰিয়তা শীৰ্ষত ৷ টাইমুৰ যেতিয়াই নিজৰ বাসগৃহৰ পৰা উলাই তেতিয়াই সংবাদ মাধ্যমে আগুৰি ধৰে ৷ এনে সময়তে এটি অনুষ্ঠানত ভাগ ল’বলৈ গৈ টাইমুৰৰ আইতাক শৰ্মিলা ঠাকুৰে টেইমুৰৰ প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত কয় যে মোৰ অনুভৱ হৈছে যে আমি সংবাদ মাধ্যমৰ লগতে থাকিব লাগিব ৷ কাৰণ এইটো সংবাদ মাধ্যমৰ যুগ ৷

উল্লেখ্য যে, ২০১৬ চনৰ ২০ ডিচেম্বৰত জন্ম হৈছিল টাইমূৰ আলী খানৰ ৷ চৈইফ আলী খান আৰু মাতৃ কৰীনা কাপুৰ খানৰ একমাত্ৰ সন্তান টাইমূৰ ৷ উল্লেখ্য যে, চৈইফ আলি খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ দুটি সন্তান ৷ সাৰা আলী খান আৰু ইব্ৰাহীম ৷ সাৰা আলী খানে ইতিমধ্যে বলীউডত খোজ পেলাইছে কেডাৰনাথৰ জৰিয়তে ৷ মুক্তিৰ অপেক্ষাত থকা আন এখন ছবি হৈছে “চিম্বা” ৷

ইফালে, চেইফ আলী খানে ২০১২ চনত অভিনেত্ৰী কৰিনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ২০১৬ চনত টাইমূৰ আলিখানৰ জন্ম হয় ৷ ষ্টাৰড’ম লৈয়ে যেন জন্ম হৈছে টাইমূৰ ৷ বলীউডৰ সকলো ষ্টাৰক পিছ পেলাই টাইমূৰ যেন পৰিণত হ’ল ছুপাৰষ্টাৰলৈ ৷ টাইমূৰ প্ৰত্যেকটো মুহুৰ্ত ক্লিক হয় কেমেৰাত ৷ এক কথা ক’বলৈ গ’লে টাইমূৰ যেন এক Sensation ৷ দেশৰ প্ৰায় সংখ্যক জনসাধাৰণৰ চিনাকী টাইমূৰ ৷ টাইমূৰ য’তেই যায়, পিছে পিছে যায় ছ’চিয়েল মিডিয়া ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি