ভাৰতীয় ক্ৰিকেটৰ দলৰ পোচাকত বলীউডৰ ছুপাৰ হিৰো টেইমূৰ আলী খান:চৰ্চিত সৰ্বত্ৰে

ভাৰতীয় ক্ৰিকেটৰ দলৰ  পোচাকত বলীউডৰ ছুপাৰ হিৰো টেইমূৰ আলী খান:চৰ্চিত সৰ্বত্ৰে

বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খান, চৈইফ আলী খান আৰু টেইমূৰ আলী খানে লণ্ডনত সপৰিয়ালে আজৰি সময় কটোৱাত ব্যস্ত হৈ পৰিছে ৷কৰীনা কাপুৰ খানে লণ্ডনত কটোৱা মুহুৰ্তত বোৰৰ ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ লগতে কৰীনাই আহিব লগীয়া ছবি অংগ্ৰেজী মিডিয়াম আৰু জাৱানী জানেমন আদি ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিছে ৷

ইফালে দেওবাৰে অনুষ্ঠিত হোৱা ভাৰত পাকিস্তানৰ খেলৰ কাৰণে বিশেষ ভাৱে চৰ্চাৰ আহিছে টেইমূৰ আলী খান আৰু চৈইফ আলী খান ৷সম্প্ৰতি মৰমলগা টেইমূৰ আলী খান আৰু চৈইফ আলী খান সমগ্ৰ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ ইন্টাৰনেটত বিয়পি পৰা টেইমূৰৰ ফটোখনত টেইমূৰক ভাৰতৰ ক্ৰিকেট দলৰ এটি টি চাৰ্ট পৰিধান কৰি থকা দেখা গৈছে ৷

অন্যহাতে লণ্ডনত থকা সময়খিনিত কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানে এখন আলোক চিত্ৰ ছ’চিয়েল মিডিয়াত অনুৰাগীলৈ আগবঢ়াইছে ৷ লগতে কেপশ্যনত লিখিছে "লেজী চানডে" ৷ সততে দেখা যায় যে বলীউডৰ ছুপাৰ হিৰোত পৰিণত হৈছে টেইমূৰ আলী খান ৷উল্লেখ্য যে উল্লেখ্য যে, ২০১৬ চনৰ ২০ ডিচেম্বৰত জন্ম হৈছিল টাইমূৰ আলী খানৰ ৷ চৈইফ আলী খান আৰু মাতৃ কৰীনা কাপুৰ খানৰ একমাত্ৰ সন্তান টাইমূৰ ৷

উল্লেখ্য যে, চৈইফ আলি খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ দুটি সন্তান ৷ সাৰা আলী খান আৰু ইব্ৰাহীম ৷ সাৰা আলী খানে ইতিমধ্যে বলীউডত খোজ পেলাইছে কেডাৰনাথৰ জৰিয়তে ৷ মুক্তিৰ অপেক্ষাত থকা আন এখন ছবি হৈছে “চিম্বা” ৷ ইফালে, চেইফ আলী খানে ২০১২ চনত অভিনেত্ৰী কৰিনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

২০১৬ চনত টাইমূৰ আলিখানৰ জন্ম হয় ৷ ষ্টাৰড’ম লৈয়ে যেন জন্ম হৈছে টাইমূৰ ৷ বলীউডৰ সকলো ষ্টাৰক পিছ পেলাই টাইমূৰ যেন পৰিণত হ’ল ছুপাৰষ্টাৰলৈ ৷ টাইমূৰ প্ৰত্যেকটো মুহুৰ্ত ক্লিক হয় কেমেৰাত ৷ এক কথা ক’বলৈ গ’লে টাইমূৰ যেন এক Sensation ৷ দেশৰ প্ৰায় সংখ্যক জনসাধাৰণৰ চিনাকী টাইমূৰ ৷ টাইমূৰ য’তেই যায়, পিছে পিছে যায় ছ’চিয়েল মিডিয়া ৷

বলীউডৰ ষ্টাৰ কিডসকলৰ ভিতৰত টেইমুৰ আলি খানৰ জনপ্ৰিয়তা কিমান সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। টেইমুৰ যে কেৱল দেশবাসীৰে প্ৰিয় তেনে নহয় ৷টেইমুৰ কৰীনা কাপুৰ খান আৰু চেইফ আলী খানৰ পৰিয়ালৰো নয়নৰ মণি ৷শেহতীয়াকৈ কৰীনা কাপুৰ খানে কণমানি টেইমুৰৰ প্ৰসংগত কয় যে টেইমুৰ পিতৃৰ দৰেই দুষ্ট। লগতে কৰীনাই কয় যে মাতৃ হোৱাটো এক বিশেষ সোভাগ্য আৰু আৱেগিক মুহুৰ্ত ৷

টেইমুৰ আলি খানৰ লগত থকা সময় খিনি কৰীনা কাপুৰ খানৰ কাৰণে বহু মহত্ত্ব পূৰ্ণ ৷ কৰীনা কাপুৰ খানে লগতে কয় যে টেইমুৰ আলী খান বহুত মৰম লগা ৷ টেইমুৰ আলি খানে সকলো অনুৰাগীকে মৰমৰে সম্বান্ধিত কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com