বঙাইগাঁৱৰ ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছ, অসমত আক্ৰান্ত ৩৬ লৈ বৃদ্ধি

বঙাইগাঁৱৰ ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছ, অসমত আক্ৰান্ত ৩৬ লৈ বৃদ্ধি

বঙাইগাঁৱৰ ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছ, অসমত আক্ৰান্ত ৩৬ লৈ বৃদ্ধি

এইবাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ শালমাৰাৰ।এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালে। সম্প্ৰতি ইয়াৰে আনজন চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ১৭জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com