Begin typing your search above and press return to search.

"বৰনদী ভটিয়ায়" ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান

বৰনদী ভটিয়ায় ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2019 9:53 AM GMT

"বৰনদী ভটিয়ায়" ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান । চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ ৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে নিৰ্বাচিত হৈছে বৰনদী ভটিয়য়। বৰনদী ভটিয়ায় প্ৰয়োজনা কৰিছে অনুপম কৌশিক বৰাই । বৃহস্পতিবাৰে শৈলধৰ বৰুৱা স্মাৰক ন্যাসৰ কৰ্মকৰ্তাই গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষনা কৰে।

বঁটা সমূহ ২০২০ চনৰ ১০ জানুৱাৰী তাৰিখে গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত প্ৰদান কৰা হ'ব । অনুষ্ঠানটি ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাৰ সংগীতেৰে শুভাৰম্ভ কৰা হ'ব । চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা চাজী এন কৰুণ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব নাট্যকাৰ তথা অভিনেতা দুলাল ৰয়ে । তদুপৰি বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু জনপ্ৰিয় অভিনেতা বিদ্যা ৰাও নায়াৰক সম্বৰ্দ্ধনা জনোৱা হ'ব ।

তদুপৰি শ্ৰেষ্ঠ পৰিচালক মঞ্জুল বৰুৱা (কানীন), শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ ৰজনী বসুমতাৰী ( জলবী দ্যা চিড), শ্ৰেষ্ঠ সংগীত পৰিচালক কুৱান বেই (আমিষ ), শ্ৰেষ্ঠ অভিনেতা অৰুণ হাজৰিকা ( গোবৰধন চৰিত ) , শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ৰীমা দাস ( আমিষ) অৰ্জুন নিংথেমচাই শ্ৰেষ্ঠ দৃশ্য গ্ৰহনকাৰী ( লামন আমাৰ,মণিপুৰী) , শ্ৰেষ্ঠ শব্দ গ্ৰহনকাৰী গৌতম নায়েৰ (আমিষ ), শ্ৰেষ্ঠ সম্পাদক হেমন্তী সৰকাৰ ( জলবী দ্যা চিড) সনদ অৰিবামে শ্ৰেষ্ঠ কলা নিৰ্দেশক ( লামন আমাৰ) ৰ বঁটা লাভ কৰিছে।

লগতে ‘পখিলাৰ পাখি’ চিনেমাখনৰ বাবে পাপৰি শইকীয়াৰ লগতে ‘শৈশৱতে ধেমালীতে’ চিনেমাখনত অভিনয় কৰা শিশু অভিনেতায মহাৰ্নৱ মহন্ত, ঋষিৰাজ বৰুৱা আৰু জিয়া বৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বঁটা প্ৰাপ্ত সকললৈ ট্ৰফী , চাৰ্টিফিকেট আৰু ধনৰ টোপোলা প্ৰদান কৰিব । তদুপৰি বঁটা বিতৰণীৰ সামৰণিত শ্ৰেষ্ঠ ছবি খন প্ৰদৰ্শন কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : কা ৰ বিৰুদ্ধে লখিমপুৰত আছু আৰু অন্যান্য সংগঠন সমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Man injured in elephant attack, Residential Quarters destroyed in Digboi

Next Story
চাকৰি