Begin typing your search above and press return to search.

বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ:৪৯.৬৮ মিটাৰলৈ বৃদ্ধি জলস্তৰ

বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ:৪৯.৬৮ মিটাৰলৈ বৃদ্ধি জলস্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2019 10:35 AM GMT

বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী ৷ বাৰিষা আগমণৰ লগতে অসমত বান পৰিস্থিতিয়ে প্ৰলয়ংকাৰী ৰূপ লৈছে। ধাৰাষাৰে হোৱা বৰষুণত ব্ৰহ্মপুত্ৰত পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সম্প্ৰতি এই তথ্য ৰাজ্যৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰত জলস্তৰ ৪৯.৬৮ মিটাৰলৈ বৃদ্ধি পাইছে।

বানপানীয়ে সম্প্ৰতি ২৫ খন জিলাৰ ৮০ খন ৰাজহ চক্ৰৰ ২১৬৮ খন গাঁৱৰ ১৪,০৬,৭১ জন লোকক প্ৰভাৱিত কৰিছে ৷বানত সকলোতকৈ অধিক প্লাবিত হোৱা জিলা কেইখন হৈছে ধেমাজী,লক্ষীমপুৰ, বিশ্বনাথ,শোনিতপুৰ,দৰং, বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁৱ, কোকৰাঝাৰ,গোৱালপাৰা, মৰিগাঁও,হোজাই,নগাঁও,গোলাঘাট,মাজুলী, যোৰহাট,শিৱসাগৰ, ডিব্ৰুগড়,কাৰ্বিং আংলং,কাছাৰ,কামৰূপ,ধুবুৰী আৰু তিনিচুকীয়া৷ বানে বেছিকৈ প্লাৱিত কৰা জিলা কেইখনৰ বিষয়ে এই তথ্য দিছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

ইফালে বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীকেইখনৰ ভিতৰত আছে যোৰহাট,শোনিতপুৰ, কামৰূপ,গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ত বুঢ়ী দিহিং,লক্ষীমপুৰত সোৱণশিৰি,গোলাঘাটত ধনশিৰি,শোনিতপুৰত জিয়া ভৰালী,নগাঁৱত কপিলী,কামৰূপত পুঁথিমাৰী,বৰপেটাত বেকী,কাছাৰ আৰু কৰিমগঞ্জত বৰাক,কৰিমগঞ্জত কুশিয়াৰা,হাইকান্দিত কাটাখাল নদী ৷ এনডিআৰএফ আৰু এচডিআৰএফে ৰাজ্যত বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷

ব্ৰহ্মপুত্ৰৰ কাষতে থকা ফেন্সী বজাৰৰ কাষত থকা শংকৰদেৱ আৰু আজান পীৰ উদ্যানখনলৈ বানে শংকাৰ সৃষ্টি কৰিছে ৷ যাৰ কাৰণে অনাগত ১০ দিনৰ কাৰণে কৰ্তৃপক্ষই বন্ধ কৰি দিছে পাৰ্কখন। অন্যহাতে কালীপুৰত বিষ্ণু লক্ষ্মী প্ৰতিমাৰ লগতে লাচিত বৰফুকন প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰৰ পানীত ডুব গৈছে ৷আলফ্ৰেস্কো গ্ৰেণ্ড ৰেষ্টুৰেন্ট কিছুদিনৰ কাৰণে বন্ধ কৰি দিছে কৰ্তৃপক্ষই ৷ লগতে নাওসমূহৰ অহা যোৱাও সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ গতিকে সম্প্ৰতি অনাগত দিনতহে জানিব পৰা হ’ব ব্ৰহ্মপুত্ৰৰ পানীয়ে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী

Next Story
চাকৰি