Begin typing your search above and press return to search.

তেজপুৰত বিহিয়াগাঁৱত ভয়াবহ নাও দুৰ্ঘটনা : সন্ধানহীন বহু কেইজন লোক

তেজপুৰত বিহিয়াগাঁৱত ভয়াবহ নাও দুৰ্ঘটনা : সন্ধানহীন বহু কেইজন লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Oct 2019 2:24 PM GMT

তেজপুৰত ভয়াবহ নাও দুৰ্ঘটনা ।

তেজপুৰ বিহিয়াগাঁৱত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ জানিব পাৰা মতে নাও ডুবি কেইবাজনো লোক সন্ধানহীন জীয়াভৰলীৰ নৈৰ বুকুত ৷ইতিমধ্যে দুগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও আন চাৰিটা শিশুসহ কেইবাজনো সন্ধানহীন হৈ‌ আছে ।

এতিয়ালৈকে সন্ধানহীন লোকৰ সংখ্যা জানিব পৰা হোৱা নাই । অৱশ্যে নদীৰ সিপাৰে সন্ধানহীন লোকৰ সংখ্যা জানিব পৰা যাব।

নাওখন বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ গৈ আছিল । নাওত থকা লোক সকলে মেছিন নাৱত বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ আহি থকা অৱস্থাত জীয়াভৰলীৰ মাজত নাওখন ডুব যায়। ইতিমধ্যে নাওখন উদ্ধাৰ কৰা হৈছে যদিও সন্ধানহীন হৈ আছে যাত্ৰী সকল ।

অন্য খবৰৰ বাবে পঢ়ক: এন আৰ এল কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰিলে অসম বিধানসভাৰ অধ্যক্ষক

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Next Story
চাকৰি