Begin typing your search above and press return to search.

গহপুৰ নুমলীগড় চাৰিশৰীয়া পথ: ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ

গহপুৰ নুমলীগড় চাৰিশৰীয়া পথ: ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2019 6:18 AM GMT

ৰাজ্যৰ পথৰ সংযোগক অধিক সক্ৰিয় কৰিবৰ কাৰণে গহপুৰৰ পৰা নুমলীগড়লৈ চাৰিশৰীয়া পথৰ প্ৰায় ৪০ কিলোমিটাৰৰ পৰিকল্পনাৰ কাৰণে দুটা প্ৰস্তাৱ উত্থাপন কৰিছে ৷ইয়াৰে এটা হৈছে ব্ৰহ্মপুত্ৰৰ ১০ কিলোমিটাৰ দূৰত্বত এখন দলং নিৰ্মাণ কৰা ৷আৰু দ্বিতীয়টো হৈছে ইয়াৰ তলত সুৰংগ নিৰ্মাণ কৰা ।

ইফালে এই ৰাষ্ট্ৰীয় ঘাইপথ টোৱে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিব। চাৰি শৰীয়া পথটো কলিয়াবৰ তিনিআলি, নগাঁওৰ পৰা ডিব্ৰুগড় হৈ ঢলাবাৰী আৰু গহপুৰক সংযোগ কৰিব। এই পৰিকল্পনা এনএইচআইডিচিএলৰ আধাৰত কেন্দ্ৰ চৰকাৰৰ ভাৰতমালা পৰিকল্পনাৰ আধাৰত যাৱতীয় কাম আৰম্ভ হ’ব ৷এই পথে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূৰ্ণ অংশক বাইপাছলৈ পৰিৱৰ্তিত কৰিব।

এনএইচআইডিচিএলৰ কাৰ্যকৰী নিৰ্দেশক অজয় আলুৱালিয়াই দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি কয় যে আমি পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ক প্ৰস্তাৱ প্ৰেৰণ কৰিলো ৷এই ক্ষেত্ৰত মন্ত্ৰ্যালয়ৰ ভাষ্যই শেষ ভাষ্য হ’ব ৷প্ৰায় ৩৬০০ কোটি টকাৰ এই পৰিকল্পনাত চাৰিশৰীয়া পথ আৰু নদী সংযোগ কৰা ৩০ কিলোমিটাৰ পথত ১০ কিলোমিটাৰ দলঙো সংযোগ হৈ আছে। সম্প্ৰতি সুৰংগ নিৰ্মাণ কৰাৰ এক পৰিকল্পনা হাতত লৈছে। কিন্তু এক সূত্ৰৰ মতে সুৰংগৰ নিৰ্মাণ দলং নিৰ্মানতকৈ ব্যয়বহুল হ’ব ৷যিকি নহওক ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ নিৰ্মাণ পৰিকল্পনা প্ৰথম বাৰৰ কাৰণে হ’ব ৷

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ কাম লেহেমীয়া হোৱাৰ সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয় যে , নুমলিগড়ৰ পৰা যোৰহাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ২৯ শতাংশ সম্পূৰ্ণ হৈছে। যোৰহাট-জাজী ৩.৫৬ শতাংশ, জাঁজী-ডিমৌৰ ৩.৭৩ শতাংশ সম্পূৰ্ণ হৈছে ।

লগতে হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক এই সম্পৰ্কে চাপ দিছে বুলি জনাইছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ২০২১ চনৰ ভিতৰত কাম সমূহ সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিছে ।নগাঁও বাইপাছহৈ ৰঙাগড়াহৈ ১৮.৫০০ কিলোমিটাৰ ঠিকা লাভ কৰিছে বুলি প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাম লেহেমীয়া হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসন্তুষ্টি ব্যক্ত কৰিছে ।

নগাঁৱৰ বাইপাছৰ পৰা ডিব্ৰুগড় বাইপাছলৈকে এই পথটোৰ অৱস্থা অত্যন্ত শোচনীয় ।টি কে ইঞ্জিনিয়াৰিঙ কন্সোটিয়াম কম্পনীয়ে নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈকে ১৮.৪ কিলোমিটাৰৰ ফ’ৰ লেন পথৰ কাম কৰিছিল ৷

এই পথৰ মেৰামতিৰ কাৰণে বাজেট আছিল প্ৰায় ১৫৯.২০ কোটি টকা ৷ ইফালে চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাক্সাৰ লিমিটেডে ৰঙাগৰাৰ পৰা কলিয়াবৰ তিনি আলিৰ পৰা ১৮.৩১৫ কিলোমিটাৰলৈকে এই পথচোৱাৰ কাৰণে আৱন্টিত কৰা হৈছিল প্ৰায় ১৯৬.৪২ কোটি টকা ।কিন্তু এই পথছোৱাৰ কামৰ অগ্ৰগতি অত্যন্ত সীমিত হৈয়ে ৰ’ল ৷

অধিক খবৰৰ বাবে পঢ়ক: জালুকবাৰীৰ পৰা যোৰাবাটলৈ যাতায়তৰ সমস্যাৰ কাৰণে এনএইচআইডিচিএলৰ প্ৰস্তাৱ

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg goes on board, promotes his upcoming movie Kanchanjangha at Biswanath Chariali

Next Story
চাকৰি