জালুকবাৰীৰ পৰা যোৰাবাটলৈ যাতায়তৰ সমস্যাৰ কাৰণে এনএইচআইডিচিএলৰ প্ৰস্তাৱ

জালুকবাৰীৰ পৰা যোৰাবাটলৈ যাতায়তৰ সমস্যাৰ কাৰণে এনএইচআইডিচিএলৰ প্ৰস্তাৱ

গুৱাহাটীৰ পৰা যোৰবাট আৰু জালুকবাৰীলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰায় ২৫ কিলোমিটাৰত হোৱা যাতায়তৰ সমস্যাক দূৰ কৰিবৰ কাৰণে এনএইচআইডিচিএলৰ অন্তৰ্গতত এক গুৰুত্বপূৰ্ণ আঁচনি তৈয়াৰ কৰাৰ পৰিকল্পনা কৰা হৈছে ।এনএইচআইডিচিএলৰ কাৰ্যকৰী নিৰ্দেশক অজয় আলুৱালিয়াই দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি কয় যে এনএইচআইডিচিএলৰ তিনিটা বিশেষ দিশৰ ওপৰত দৃষ্টি ৰাখিছে। আমি কেন্দ্ৰক এই সন্দৰ্ভে জনাইছো ৷

পথ,পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভে শেষ সিদ্ধান্ত ল’ব। ইফালে কেন্দ্ৰই তিনিটা দিশৰ ভিতৰত এটা দিশক লোৱাৰ ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰতিবেদন তৈয়াৰ কৰিব ৷এই পৰিকল্পনা ভাৰতমালা আঁচনিৰ আধাৰত আৰম্ভ হ’ব। আনহাতে এই সকলো পদক্ষেপ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীন ৷

অৱশ্যে এই পদক্ষেপ অনতি পলমে এনএইচআইডিচিএলৰ অধীনলৈ আহিব ৷আনহাতে প্ৰথমতে জালুকবাৰীৰ পৰা যোৰাবাটলৈকে প্ৰায় ২৫ কিলো’মিটাৰ চাৰিশৰীয়া যুক্ত পথক খানাপাৰালৈকে ছয়শৰীয়া যুক্ত পথলৈ ৰূপান্তৰিত কৰিব ৷লগতে বৈশিষ্ঠ্য চাৰিআলি,লখৰা চাৰিআলি আৰু গড়চুক চাৰিআলিত তিনিখনকৈ উৰণীয়া সেতুঁৰ পৰিকল্পনা কৰা হৈছে ৷

দ্বিতীয়তে জালুকবাৰীৰ পৰা যোৰাবাটলৈকে বাইপাছ নিৰ্মাণ কৰাৰ এক পৰিকল্পনা কৰা হৈছে ।তৃতীয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক এলিভেটৰ নিৰ্মাণ কৰাও পৰিকল্পনাৰ অন্তৰ্গত। এক বিশেষ সূত্ৰৰ মত অনুসৰি এনএইচআইডিচিএলৰ আধাৰত পৃথকে পৃথকে বাইপাছ নিৰ্মাণ কৰাটোও পৰিকল্পনাৰ অন্তৰ্গত ৷ গতিকে এই সমূহ পৰিকল্পনাৰ ভিতৰত যিটোতে মন্ত্ৰ্যালয়ৰ অন্তিম মঞ্জুৰী লাভ কৰে তাতে কেন্দ্ৰই যাতায়তৰ সমস্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পদক্ষেপ ল’ব।

নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্টাকশ্যাৰ ডেভেলপমেন্ট কৰপ’ৰেশ্যন লিমিটেডৰ নিৰ্দেশক সত্যব্ৰত সাহুৱে ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে যে চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ আঁচনি আৰু অন্যান্য আঁচনিসমূহৰ কাম অতি শীঘ্ৰে তথা সময়মতে সম্পূৰ্ণ কৰিব লাগে। সত্যব্ৰত সাহুৱে সময় মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও মন্তব্য কৰে ৷

শনিবাৰে সত্যব্ৰত সাহুৱে ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভাগীয় শীৰ্ষ বিষয়াৰ লগতে উপায়ুক্ত পল্লৱ গোপাল ঝা,এডিছি সুশান্ত কুমাৰ দত্তৰ লগত এনএইচআইডিচিএলৰ আধাৰত লোৱা আঁচনিসমূহৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকখনত পল্লৱ ঝায়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ যাৱতীয় কাম যাতে ক্ষিপ্ৰ গতিৰে আগ নাবাঢ়ে সেয়া প্ৰশাসনে সম্পূৰ্ণ ৰূপে দৃষ্টি ৰাখিব ৷

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ কাম লেহেমীয়া হোৱাৰ সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয় যে , নুমলিগড়ৰ পৰা যোৰহাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ২৯ শতাংশ সম্পূৰ্ণ হৈছে। যোৰহাট-জাজী ৩.৫৬ শতাংশ, জাঁজী-ডিমৌৰ ৩.৭৩ শতাংশ সম্পূৰ্ণ হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com