ঠিকাদাৰসকলক সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ এনএইচআইডিচিএলৰ

ঠিকাদাৰসকলক সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ এনএইচআইডিচিএলৰ

নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্টাকশ্যাৰ ডেভেলপমেন্ট কৰপ’ৰেশ্যন লিমিটেডৰ নিৰ্দেশক সত্যব্ৰত সাহুৱে ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে যে চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ আঁচনি আৰু অন্যান্য আঁচনিসমূহৰ কাম অতি শীঘ্ৰে তথা সময়মতে সম্পূৰ্ণ কৰিব লাগে। সত্যব্ৰত সাহুৱে সময় মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও মন্তব্য কৰে ৷

শনিবাৰে সত্যব্ৰত সাহুৱে ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভাগীয় শীৰ্ষ বিষয়াৰ লগতে উপায়ুক্ত পল্লৱ গোপাল ঝা,এডিছি সুশান্ত কুমাৰ দত্তৰ লগত এনএইচআইডিচিএলৰ আধাৰত লোৱা আঁচনিসমূহৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকখনত পল্লৱ ঝায়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ যাৱতীয় কাম যাতে ক্ষিপ্ৰ গতিৰে আগ নাবাঢ়ে সেয়া প্ৰশাসনে সম্পূৰ্ণ ৰূপে দৃষ্টি ৰাখিব ৷

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ কাম লেহেমীয়া হোৱাৰ সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয় যে , নুমলিগড়ৰ পৰা যোৰহাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ২৯ শতাংশ সম্পূৰ্ণ হৈছে। যোৰহাট-জাজী ৩.৫৬ শতাংশ, জাঁজী-ডিমৌৰ ৩.৭৩ শতাংশ সম্পূৰ্ণ হৈছে ।

লগতে হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক এই সম্পৰ্কে চাপ দিছে বুলি জনাইছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ২০২১ চনৰ ভিতৰত কাম সমূহ সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিছে ।নগাঁও বাইপাছহৈ ৰঙাগড়াহৈ ১৮.৫০০ কিলোমিটাৰ ঠিকা লাভ কৰিছে বুলি প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাম লেহেমীয়া হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসন্তুষ্টি ব্যক্ত কৰিছে ।

নগাঁৱৰ বাইপাছৰ পৰা ডিব্ৰুগড় বাইপাছলৈকে এই পথটোৰ অৱস্থা অত্যন্ত শোচনীয় ।টি কে ইঞ্জিনিয়াৰিঙ কন্সোটিয়াম কম্পনীয়ে নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈকে ১৮.৪ কিলোমিটাৰৰ ফ’ৰ লেন পথৰ কাম কৰিছিল ৷

এই পথৰ মেৰামতিৰ কাৰণে বাজেট আছিল প্ৰায় ১৫৯.২০ কোটি টকা ৷ ইফালে চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাক্সাৰ লিমিটেডে ৰঙাগৰাৰ পৰা কলিয়াবৰ তিনি আলিৰ পৰা ১৮.৩১৫ কিলোমিটাৰলৈকে এই পথচোৱাৰ কাৰণে আৱন্টিত কৰা হৈছিল প্ৰায় ১৯৬.৪২ কোটি টকা ।কিন্তু এই পথছোৱাৰ কামৰ অগ্ৰগতি অত্যন্ত সীমিত হৈয়ে ৰ’ল ৷

অন্যহাতে গানন ডুমকাৰ্লি এণ্ড ক’ প্ৰাইভেট লিমিটেডেও এনএইচআইডিচিএলৰ পৰা ন’টিছ লাভ কৰিছে । আৰু প্ৰায় ১১৬৪.৯৬ কোটি টকা , যোৰহাটৰ পৰা মৰান বাইপাছলৈকে এই ১০৮ কিলোমিটাৰ পথৰ কাৰণে আৱন্টিত হৈছিল । উল্লেখ্য যে মাৰ্ঘেৰিটা লিডু এই পথছোৱা এনএইচআইডিচিএলৰ অধীনত ৷ ইয়াৰ কাম সম্প্ৰতি আৰম্ভ হৈছে ৷ আশা কৰা হৈছে চলিত বৰ্ষৰ ৩০ জুনলৈকে কাম শেষ হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com