অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাক্ষাৎ নীতিন গাডকাৰীক

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাক্ষাৎ নীতিন গাডকাৰীক

অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ অৱস্থা যথেষ্ট শোচনীয় ৷ পথত বিভিন্ন গাঁতৰ সৃষ্টি হোৱাৰ লগতে বাৰিষা অহাৰ লগে লগে পথসমূহৰ দুৰৱস্থা আৰু অধিক শোচনীয় হৈ পৰে ৷ ৰাষ্ট্ৰীয় ঘাই পথক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি এই পথসমূহৰ কাম অনতি পলমে আৰম্ভ কৰিবলৈ আহ্বান কৰে।

দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাতকাৰত এনএইচআইডিচিএলৰ বিষয়া অজয় আলুৱালিয়াই কয় যে অসমৰ ৰাষ্ট্ৰীয় পথসমূহৰ নিৰ্মাণ কাৰ্য কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে । তাৰ ভিতৰত কিছুমান কামৰ গতি অত্যন্ত সীমিত ৷ গতিকে এই সকলোবোৰ তদন্ত কৰা হ’ব বুলি কয় বিষয়াজনে ৷ নগাঁৱৰ বাইপাছৰ পৰা ডিব্ৰুগড় বাইপাছলৈকে এই পথটোৰ অৱস্থা অত্যন্ত শোচনীয় ।টি কে ইঞ্জিনিয়াৰিঙ কন্সোটিয়াম কম্পনীয়ে নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈকে ১৮.৪ কিলোমিটাৰৰ ফ’ৰ লেন পথৰ কাম কৰিছিল ৷

এই পথৰ মেৰামতিৰ কাৰণে বাজেট আছিল প্ৰায় ১৫৯.২০ কোটি টকা ৷ ইফালে চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাক্সাৰ লিমিটেডে ৰঙাগৰাৰ পৰা কলিয়াবৰ তিনি আলিৰ পৰা ১৮.৩১৫ কিলোমিটাৰলৈকে এই পথচোৱাৰ কাৰণে আৱন্টিত কৰা হৈছিল প্ৰায় ১৯৬.৪২ কোটি টকা ।কিন্তু এই পথছোৱাৰ কামৰ অগ্ৰগতি অত্যন্ত সীমিত হৈয়ে ৰ’ল ৷

অন্যহাতে গানন ডুমকাৰ্লি এণ্ড ক’ প্ৰাইভেট লিমিটেডেও এনএইচআইডিচিএলৰ পৰা ন’টিছ লাভ কৰিছে । আৰু প্ৰায় ১১৬৪.৯৬ কোটি টকা , যোৰহাটৰ পৰা মৰান বাইপাছলৈকে এই ১০৮ কিলোমিটাৰ পথৰ কাৰণে আৱন্টিত হৈছিল । উল্লেখ্য যে মাৰ্ঘেৰিটা লিডু এই পথছোৱা এনএইচআইডিচিএলৰ অধীনত ৷ আলুৱালিয়াৰ মন্তব্য অনুসৰি এই অঞ্চলৰ প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে প্ৰায় ৭৫ লাখ টকা আৱন্টিত কৰা হৈছে । ইয়াৰ কাম সম্প্ৰতি আৰম্ভ হৈছে ৷ আশা কৰা হৈছে চলিত বৰ্ষৰ ৩০ জুনলৈকে কাম শেষ হ’ব ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটীৰ পৰা আৰম্ভ হৈ তিনিচুকীয়ালৈকে গৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ৯ খন জিলাৰ ৪০০ কিলোমিটাৰ অতিৰিক্ত কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দক্ষিণলৈ যোৱা এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । ” ২০১৪ চনৰ পৰা পথছোৱাৰ উপযুক্ত মেৰামতিৰ অভাৱত দিনক দিনে শোচনীয় হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ।

অন্যহাতে ইয়াৰ স্থায়ী মেৰামতিৰ কাৰণে ২০ কোটি টকা নিৰ্ধাৰিত কৰা হ’ব। ইয়াৰ কাম আৰম্ভ হ’ব জুলাইৰ পৰা ৷ আৰু এই পথৰ কাম ছমাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ কাৰণে আশা প্ৰকাশ কৰিছে আলুৱালিয়াই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com