ভিনীহীয়েকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণে হত্যাৰ সন্মুখীন খুলশালী

ভিনীহীয়েকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণে হত্যাৰ সন্মুখীন খুলশালী

ভিনীহীয়েকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণে হত্যাৰ সন্মুখীন খুলশালী ৷ এক বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰত ৷ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ সম্পৰ্কক কালিমা লগাই সংঘটিত হৈছে হত্যাকাণ্ডটো ৷ ঘটনা অনুসৰি হত্যাকাণ্ডটো সংঘটিত কৰা লোকজন আছিল হত্যাৰ সন্মুখীন হোৱা ছাত্ৰী গৰাকীৰ ভিনীহীয়েক৷ আৰক্ষীয়ে যেতিয়া ঘটনাৰ তদন্ত কৰে তেতিয়া আৰক্ষীয়ে প্ৰকাশ কৰে যে ভিনীহীয়েকেই যুৱতীগৰাকীৰ হত্যা কাণ্ড সংঘটিত কৰিছে। ইফালে উত্তৰ প্ৰদেশৰ গাজীপুৰত বেছিক ট্ৰেইনিং চেন্টাৰৰ ছাত্ৰী আলিশা হত্যাকাণ্ডই প্ৰথমতে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ কাৰণ এক নবেম্বৰত ঘৰৰ পৰা কলেজলৈ যোৱা আলিশা নিশা ঘৰলৈ উভতি অহা নাছিল ৷

ইয়াৰ পিছতে পৰিয়ালে ২ তাৰিখে এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰি এগৰাকী যুৱতীৰ ক্ষত বিক্ষত মৃতদেহ জিলাখনৰ বিৰনো থানাৰ ওচৰত থকা এখন জংঘলত উদ্ধাৰ কৰে ৷ আৰু পৰিয়ালে যুৱতীগৰাকীক আলিশা বুলি চিনাক্ত কৰে ৷আনহাতে আলিশাৰ শৰীৰটোক কোনেও যাতে চিনাক্ত কৰিব নোৱাৰে তাৰ কাৰণে অতি বৰ্বৰতাৰে হত্যা কৰা হৈছিল ৷স্থানীয় লোকে আলিশাৰ মৃত দেহ যাতে অনতি পলমে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে ৩ নবেম্বৰত প্ৰতিবাদী কাৰ্যসূচীও আৰম্ভ কৰিছিল ৷ইয়াৰ পিছত ৬ তাৰিখে আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সমাধান কৰে। ইফালে আলিশাৰ পৰিয়ালৰলোকে হত্যাকাৰীৰ নাম শুনি তেওঁলোক আচৰিত হৈ উঠিছিল ৷

আনহাতে হত্যাকাৰী ভিনীহীয়েকৰ আলিশাৰ লগত আছিল অবৈধ সম্পৰ্ক ৷যাৰ কাৰণে জীৱনটো আৰম্ভ হ’বলৈ নাপাওতেই হত্যাৰ সন্মুখীন হৈছিল আলিশা । এই ঘটনা সন্দৰ্ভত গাজীপুৰ অতিৰিক্ত আৰক্ষী বিষয়া ড° অৰবিন্দ চতুৰ্বেদীয়ে সংবাদ মাধ্যমৰ সন্মুখত আলিশাৰ কাপোৰ আৰু অন্যান্য কিছুমান বস্তু দিয়াৰ উপৰিও আলিশাৰ হত্যাৰ ভিনীহীয়েকে কৰিছে বুলি মন্তব্য কৰিছে ৷লগতে কয় যে আলিশাক ১ নবেম্বৰৰ নিশা হত্যা কৰা হৈছিল ৷লগতে আৰক্ষী বিষয়া গৰাকীয়ে কয় যে চিচিটিভি ফুটেজ,আৰু তদন্তৰ অন্তত জানিব পৰা যায় যে ভিনিহীয়েক ইমামে পুৱা ৬.৩৫ ত আলিশাক মাতি নিছিল ৷ তাৰ পিছত তেওঁলোক আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ দৰগাহলৈ যাত্ৰা কৰিছিল ৷

বিয়লি দৰগাহৰ পৰা উভতি অহাৰ পথত আলিশাক লৈ যোৱা ভিনীহীয়েকে হত্যাকাণ্ড সংঘটিত কৰা ঠাইত গাড়ী ৰখাই ৷ কাৰণ প্ৰথমৰ পৰাই সেই ঠাইখনত হত্যাকাণ্ড সংঘটিত কৰিবলৈ যাৱতীয় অস্ত্ৰৰ ব্যৱস্থা কৰি থৈছিল ৷ ইয়াৰ পিছত ভিনিহীয়েকে আলিশাক মূৰত প্ৰচণ্ড আঘাত কৰে ৷যাৰ ফলত আলিশা তৎক্ষণাত ঢলি পৰে। আলিশাক যাতে কোনেও চিনাক্ত কৰিব নোৱাৰে তাৰ কাৰণে মুখমণ্ডলত আঘাত কৰে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত ভিনীহীযেক গাজীপুৰলৈ যাত্ৰা কৰে ।আৰু আৰক্ষীৰ তদন্তৰ অন্তত প্ৰকাশ পায় যে আলিশাক নৃশংস ভাৱে হত্যা কৰিছিল ভিনীহীয়েকে ।

লগতে ভিনিহীয়েক ইমামে কয় যে তেওঁলোকৰ প্ৰথমৰ পৰাই সম্পৰ্ক আছিল ৷তেওঁ আলিশাক নিজৰ কৰি ল’ব বিছাৰিছিল ৷ আলিশা আছিল মুক্ত চিন্তাধাৰাৰ ছোৱালী ৷ আলিশাই যি কোনো সহপাঠীৰ লগত কথা পাতিছিল ৷যিটো ভিনীহীয়েকৰ সহ্য হোৱা নাছিল ৷ গতিকে ভিনীহীয়েকে অতি বৰ্বৰতাৰে আলিশাক হত্যা কৰিলে ৷ সম্প্ৰতি আলিশা হত্যাকাৰী ভিনীহীয়েকৰ ওপৰত গোচৰ ৰজু কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Man arrested for allegedly running fake job racket in Nagaon

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com