Begin typing your search above and press return to search.

ছবি উপভোগ কৰিবলৈ গৈ পিটন খালে পত্নীৰ: কিন্তু কিয়?

ছবি উপভোগ কৰিবলৈ গৈ পিটন খালে পত্নীৰ: কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 12:38 PM GMT

সহকৰ্মীৰ লগত ছবি উপভোগ কৰিবলৈ গৈ পত্নী আৰু খুলশালীৰ পৰা পিটন খালে এজন লোকে ৷হয় আপুনি ঠিকেই শুনিছে ৷এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ইন্দোৰত ৷ সম্প্ৰতি এই ঘটনাই সকলোকে হতবাক কৰি তুলিছে । কাৰণ ছবি চাবলৈ যোৱাৰ সময়তে ছবিগৃহৰ বাহিৰত পত্নী আৰু খুলশালীয়েকে আহি যুৱকজনক মাৰ পিট কৰে।

লগতে সম্প্ৰতি পতি পত্নী আৰু খুলশালীৰ কাজিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইফালে দুয়ো গৰাকী বায়েক আৰু ভনীয়েকে যুৱকজনৰ লগত যোৱা যুৱতীগৰাকীকো মাৰ পিট কৰে। ইয়াৰ লগে লগে সহকৰ্মীক ৰক্ষা কৰিবৰ কাৰণে লোকজনে চেষ্টা কৰে যদিও পত্নী আৰু খুলশালীয়েকে আহি লোকজনক পিটিবলৈ ধৰে।

আনহাতে এই সমগ্ৰ ঘটনা সংগটিত হোৱা দেখি সকলো মানুহ একত্ৰিত হয়। আৰু ম’বাইলত ভিডিঅ’টি ৰেকৰ্ডিং কৰি লয়। আৰু পিছত এই ভিডিঅ’টি সকলোতে ভাইৰেল হৈ পৰে ৷ লগতে এই ঘটনা সংঘটিত হোৱাৰ মাজতে কোনো লোকে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে আহি ঘটনাৰ তদন্ত কৰে ৷ উল্লেখ্য যে ঘটনাৰ তদন্ত কৰাৰ পিছতহে পৰিস্থিতি সাধাৰণ অৱস্থালৈ ঘুৰি আহে ৷

অন্য খবৰৰ বাবে পঢ়ক: চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাণ্ড:পিতৃৰ হাতত ধৰ্ষণ হ’ল কন্যা

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি