এইখন বাজেট জনসাধাৰণৰ বাবে , দুখীয়াৰ বাবে: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

এইখন বাজেট জনসাধাৰণৰ  বাবে , দুখীয়াৰ বাবে: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

শুকুৰবাৰে দাখিল কৰা ২০১৯ -২০ কেন্দ্ৰীয় বাজেট খন জনসাধাৰণৰ বাবে , দুখীয়াৰ বাবে বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । গ্ৰাম্যাঞ্চল উন্নয়নৰ লগতে মহিলা সৱলীকৰনৰ ওপৰত গুৰুত্ব দিছে এইবাৰৰ বাজেটে। নগৰমূখী আৰু গ্ৰাম্যাঞ্চলৰ সৰ্বাংগিন উন্নয়নৰ বাবে এই বাজেট গ্ৰহণ কৰা হৈছে ।

দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে বাজেটত সুবিধা থকাৰ লগতে " গাঁও-গাৰিব" ৰ ওপৰত গুৰুত্ব দিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । বাজেট খনক সেউজ মুখী বাজেট বুলি উল্লেখ কৰাৰ লগতে পৰিবেশ সুৰক্ষাৰ বাবে বৈদুতিৎক বাহনৰ মূল্য বৃদ্ধি কৰিছে বুলি কয় সোনোৱালে । অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ হিতৰ বাবে বহুতো আচনিৰ বাবে বাজেট ধাৰ্য্য কৰিছে ।

মুদ্ৰা, উজ্জ্বলা, সৌভাগ্য আদি আচনিৰ জৰিয়তে হাউচিং লোন দিয়া ব্যবস্থা কৰিছে যাৰ ফলত সাধাৰণ লোকৰ জীৱন সলনি হৈ পৰিব । প্ৰধান মন্ত্ৰী কৰম যোগী মন্ধন পেঞ্চন আঁচনিৰ অধিনত ক্ষুদ্ৰ ব্যৱসায় সকল লাভান্বিত হ'ব ।

বাজেটত মহিলা সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে । মহিলা সৱলীকৰনৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে । নিৰ্মলা সীতাৰমনে কয় , এনেকুৱা একো খণ্ড নাই যত মহিলা সকলে অবদান আগবঢ়োৱা নাই। মহিলা সকল আত্ম নিৰ্ভৰশীল হবলৈ প্ৰত্যেক জিলাতে চাবভেনচন প্ৰগেম সম্প্ৰসাৰণ কৰিব । মুদ্ৰা আচনিৰ অধিনত মহিলা সকলক ১,০০,০০০ টকাৰ লোন দিয়া হব ।

শুকুৰবাৰে সংসদত ২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে দেশৰ প্ৰথম গৰাকী পূৰ্ণাংগ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ২০১৯-২০ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অৰ্থাৎ ডনাৰ ৰাজ্যৰ বাবে ৩,০০০ কোটি ধাৰ্য্য কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com