Begin typing your search above and press return to search.

পিয়াজৰ আকাশচুম্বী দাম, দেশৰ একাংশ স্থানত দাম হৈছেগৈ প্ৰতি কিলোঁত ১৬৫ টকা

পিয়াজৰ আকাশচুম্বী দাম, দেশৰ একাংশ স্থানত দাম হৈছেগৈ প্ৰতি কিলোঁত ১৬৫ টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2019 10:47 AM GMT

পিয়াজৰ আকাশচুম্বী দাম, দেশৰ একাংশ স্থানত দাম হৈছেগৈ প্ৰতি কিলোঁত ১৬৫ টকা।দেশত পিয়াজৰ মূল্যৰ অভাৱনীয় বৃদ্ধিয়ে শলঠেকত পেলাইছে সাধৰণ জনতাক । বৃহস্পতিবাৰে দেশৰ কিছু স্থানত পিয়াজৰ মূল্য হৈছেগৈ ১৬৫ টকা প্ৰতি কিলোগ্ৰামত ।

দেশৰ পিয়াঁজৰ নাটনিৰ বাবে চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ ইজিপ্ত , টুৰ্কী , আফগানিস্তান আদিৰ পৰা পিয়াজ আমদানি কৰিব । অহা সপ্তাহত কমেও ৩৫,০০০ টন পিয়াজ আমদানি কৰাৰ পদক্ষেপ লৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে।‌

জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে ৬০৯০ টন পিয়াজ আনিব ইজিপ্তৰ পৰা , ১১,০০০ টন তুৰ্কীৰ পৰা । তদুপৰি আন ৪০০০ টন পিয়াজ জানুৱাৰীত আনিব তুৰ্কীৰ পৰা ।

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ এনে সময়চোৱাত বৃহস্পতিবাৰে সংসদত বিত্ত মন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ খাদ্যভ্যাসৰ বিষয়ে প্ৰকাশ কৰাত সমালোচনাৰ সন্মুখীন হৈছে বিত্তমন্ত্ৰী গৰাকী । সংসদত থকা আন এজন সাংসদৰ প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা প্ৰকাশ কৰে । বিত্তমন্ত্ৰী গৰাকীৰ আশ্চৰ্যজনক উত্তৰে হাস্যকৰ পৰিবেশৰ সৃষ্টি কৰে নিম্ন সদনত ।‌

কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমনে পিয়াজৰ দাম নিম্নগামী কৰাৰ বাবে চৰকাৰৰ দ্বাৰা লোৱা পদক্ষেপৰ উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে পিয়াজৰ ৰপ্তানি নিষিদ্ধ, মজুতৰ সীমা নিৰ্ধাৰণ ,আদিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

যদিও সংকটৰ কাৰণে পিয়াজৰ দাম ১০০ টকা প্ৰতি কিলো হৈছে । মন্ত্ৰী গৰাকীয়ে জনায় যে পিয়াঁজৰ খেতিৰ ক্ষেত্ৰ সমূহ কমি যোৱাৰ ফলত উৎপাদনৰ মাত্ৰাও বৃদ্ধি পাইছে।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰিয়ংকা চোপ্ৰাই আকৌ উজ্বলালে দেশৰ নাম , ইউ এন আই চি ই এফে কৰিলে সন্মানিত

ভিডিঅ প্ৰতক্ষ্য কৰক : Mahila Congress staged protest against PM Modi-led BJP Govt in Tinsukia

Next Story
চাকৰি