Begin typing your search above and press return to search.

অসমত কা- ৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ প্ৰতিবাদ সাব্যস্ত হৈছে- গোলাম নবী আজাদ

অসমত কা- ৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ প্ৰতিবাদ সাব্যস্ত হৈছে- গোলাম নবী আজাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2019 6:51 AM GMT

অসমত কা- ৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ প্ৰতিবাদ সাব্যস্ত হৈছে- গোলাম নবী আজাদ ।ৰাজ্যসভাৰ বিৰোধী দলপতি তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গোলম নবী আজাদ এদিনীয়া কাৰ্যসূচীৰে আহি গুৱাহাটীত উপস্থিত হয়। মঙ্গলবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত কংগ্ৰেছ নেতা জনে কয় যে অসমৰ জনসাধাৰণে ধৰ্মনিৰপেক্ষ হিচাপে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। অসমৰ মানুহ‌ ধৰ্মনিৰপেক্ষ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অসমৰ ৫ জন শ্বহীদৰ ভিতৰত খ্ৰীষ্টান, মুছলমান, চাহ জনগোষ্ঠীৰ লোক আৰু হিন্দুও আছে । ইয়ে প্ৰমান কৰে যে অসমৰ মানুহ ধৰ্মনিৰপেক্ষ।

কংগ্ৰেছ নেতা গোলাম নবী আজাদে কয় যে ঐতিহাসিক অসম আন্দোলনৰ পিছত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অভূতপূৰ্ব বিৰোধ দেখা গৈছে ।

" চৰকাৰে জনসাধৰণৰ ভাৱনাৰ বুজ লোৱাৰ পৰিবৰ্তে ছাত্ৰ আৰু অন্য প্ৰতিবাদ কাৰী সকলৰ ওপৰত অত্যাচাৰ কৰিছে । ভাৰতৰ ইতিহাসত প্ৰথম বাৰৰ বাবে গণতান্ত্ৰিক আন্দোলন প্ৰদৰ্শন কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰা হৈছে । ছাত্ৰৰ ওপৰত অত্যাচাৰ কেতিয়াও ভাৰতৰ সংস্কৃতি নহয় । এয়া বিজেপি চৰকাৰৰ দ্বাৰা গঠন কৰা অ- গণতান্ত্ৰিক আৰু ফেচীবাদী সংস্কৃতি " । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদে ।

আজাদে অভিযোগ কৰে যে, নাগৰিক সকলক প্ৰকৃত সমস্যাৰ পৰা বিভ্ৰান্ত কৰাৰ লক্ষৰে বিজেপি চৰকাৰে এনে ধৰণৰ বিভাজনমূলক ৰাজনীতিত লিপ্ত হৈছে । তেওঁ কয় যে, অনুচ্ছেদ ৩৭০, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী , নাগৰিকত্ব সংশোধনী আইন আদি সকলো বোৰ কেৱল বিজেপিৰ খেলৰ অংশহে,‌যি বিজেপিয়ে ২০১৪ চনৰ পৰা খেলি আছে । এয়া একমাত্ৰ জনসাধাৰণৰ আকৰ্ষণ আৰ্থিক মন্দাৱস্থা, নিবনুৱা সমস্যা আদি সমস্যা সমূহৰ পৰা দূৰ কৰাৰ অৰ্থে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোদীয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি সমূহৰ‌‌ এটাও পূৰণ নকৰিলে । প্ৰত্যেকৰ একাউণ্টত ১৫ লাখ টকা জমা কৰা আৰু ১৯ লাখ যুৱকৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা আদি প্ৰতিশ্ৰুতি সমূহো পূৰণ নহ'ল ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগত গোলাম নবী আজাদে কয় যে অসমত এন আৰ চিৰ কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সঠিকভাৱে কৰিব নোৱাৰিলে । চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ১৯ লাখ লোক বাদ পৰিছিল আৰু তাৰ প্ৰায় ভাগ লোকেই ভাৰতীয় ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আছুৰ “জনতাৰ গৰ্জন” কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক: An aerial view of the Dibrugarh Protest "Janataar Gorjon" programme, Watch Here

Next Story
চাকৰি