Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইন: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানি

নাগৰিকত্ব সংশোধনী আইন: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2019 6:10 AM GMT

নাগৰিকত্ব সংশোধনী আইন: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানি । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এতিয়াও ৰাজ্য অথবা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত প্ৰতিবাদ অব্যাহত আছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহুতে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে । এই আবেদন সমূহত নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ ওপৰত প্ৰত্যাহ্বান জনোৱা হৈছে।‌ তাৰ ওপৰত ভিত্তি কৰিয়েই‌ নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত শুনানি প্ৰদান কৰা হ'ব ।

অহা ১৮ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ দ্বাৰা গঠিত আদালতে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন সমূহৰ ওপৰত শুনানি আৰম্ভ কৰিব ।‌

কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন বোৰৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ সন্মুখত উত্থাপন কৰে। তাৰ পিছতেই আবেদন সমূহৰ ওপৰত শুনানিৰ কথা উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।‌

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন খনে সংবিধানৰ ১৪ নং আৰু ২১ নং অনুচ্ছেদৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলিও আবেদনত উল্লেখ আছে। লগতে আবেদনকাৰী সকলে উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী আইন খনে ঐতিহাসিক অসম চুক্তি উলংঘা কৰিছে আৰু ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাকো খৰ্ব কৰিছে । এই আবেদন সমূহত নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা,সংস্কৃতি আৰু খিলঞ্জীয়াক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে বুলি উল্লেখ আছে ।

সমগ্ৰ দেশৰ দল সংগঠন তথা ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা দল সংগঠন তথা ব্যক্তি সমূহৰ ভিতৰত আছে সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম উকিল সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , অসম সন্মিলিত মহাসংঘ, অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুখন , উত্তৰ পূৱ‌ ছাত্ৰ সংগঠন , বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তৰ পৰাও আবেদন দাখিল কৰা হয় । তদুপৰি অসম গন পৰিষদৰ ৰমেন কলিতা আৰু দীপক দাসেও দুখক পৃথক আবেদন দাখিল কৰিছে বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।

তদুপৰি জানিব পৰা অনুসৰি আবেদনকাৰী সকলে মূলত: নাগৰিকত্ব সংশোধনী আইনৰ ২ , ৩,৪ ,৫ আৰু ৬ নং দফাক প্ৰত্যাহ্বান জনাইছে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও শাম কটা নাই । ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ‌ ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি