কা- সম্পৰ্কত নতুন দিল্লীত নৰেন্দ্ৰ মোদী ভাষণৰ দহটা মূল বিষয়

কা- সম্পৰ্কত নতুন দিল্লীত নৰেন্দ্ৰ মোদী ভাষণৰ দহটা মূল বিষয়

কা- সম্পৰ্কত নতুন দিল্লীত নৰেন্দ্ৰ মোদী ভাষণৰ দহটা মূল বিষয় ।নৰেন্দ্ৰ মোদী ভাষণৰ দহটা মূল বিষয়। সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন চলি থকাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত কেইবাটাও মতামত আগবঢ়াই। দেওবাৰে নতুন দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত এক জনসভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা বিৰোধী দল সমূহ তথা কেইবাজনো বিৰোধী নেতাক তীব্ৰ সমালোচনা কৰে নৰেন্দ্ৰ মোদীয়ে।

দিল্লীৰ ৰামলীলা মৈদানত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ১০টা মূল বিষয় উল্লেখ কৰা হল।

এক - নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ নামত দেশজুৰি হোৱা হিংসাত্মক ঘটনা সমূহৰ বাবে বিৰোধী দল আৰু মাওবাদত বিশ্বাসী একাংশ চহৰীয়া লোক জড়িত।

দুই- এক অপপ্ৰচাৰ হৈছে যে সকলো মুছলিমক বন্দী শিবিৰত ৰখা হব।এইয়া সম্পূৰ্ণ মিছা,সম্পূৰ্ণ মিছা,সম্পূৰ্ণ মিছা বুলি তিনিবাৰকৈ কয় নৰেন্দ্ৰ মোদীয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বাবে দেশৰ মুছলিম সকলৰ শংকা কৰিব লগা একো নাই বুলিও নিজ ভাষণ প্ৰসংগত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তিনি- বিভিন্নতাৰ মাজতো একতা এইয়া দেশৰ বিশেষত্ব বুলি নিজ ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে।

চাৰি - নাগৰিকত্ব সংশোধনী আইন ভাৰতীয় সকলৰ ওপৰত প্ৰযোজ্য কৰা নহয় সেয়া লাগিলে হিন্দু ৱে হওক বা মুছলিমই হওক।

পাঁচ- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে যিমান পাৰে সিমান মোৰ ( নৰেন্দ্ৰ মোদীৰ )পুত্তলিকা দাহ কৰে কৰক কিন্তু ৰাজহুৱা সম্পত্তি আৰু দুখীয়া লোকৰ সম্পত্তি বাহন নষ্ট নকৰিব।

ছয় - আৰক্ষী সকলকো ক্ষতি কৰাৰ পৰা আঁতৰত থকাৰ বাবে প্ৰতিবাদকাৰীক অনুৰোধ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে। যেতিয়া এজন আৰক্ষী লোকে সহায় কৰে তেতিয়া তেওঁ সহায় কৰা লোকজনৰ ধৰ্ম বিচাৰ নকৰি সহায় কৰে।

সাত - বৰ্তমান সময়ত মমতা বেনাৰ্জীক দেখা গৈছে কলিকতাৰ পৰা পোনচাটে তেওঁ ৰাষ্ট্ৰসংঘ লৈ গৈছে।কিন্তু কিছু বছৰ পূৰ্বে দেখা গৈছিল যে দিদি য়ে ( মমতা বেনাৰ্জী ) নিজেই বাংলাদেশী অনুপ্ৰৱেশ কাৰীৰ বিৰোধিতা কৰিছিল।

আঠ - বৰ্তমানৰ চৰকাৰে মুছলিম সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিছে। মুছলিম সংখ্যাগৰিষ্ঠ থকা সকলো দেশে আমাৰ চৰকাৰক সন্মান প্ৰদৰ্শন কৰিছে যি কংগ্ৰেছ দলৰ বাবে হিংসা আৰু হতাশাৰ কাৰণ হৈ পৰিছে। সেয়ে কংগ্ৰেছ দলে দেশ খন বিভাজন কৰাৰ চেষ্টা কৰিছে।

ন - অতি সোনকালে দিল্লীত ১৭০০ কলনীৰো অধিক কলনীৰ সীমা নিৰ্ধাৰণ কৰা হব। আমি নিজা উদ্যোগৰে সমস্যা সমূহৰ সমাধান কৰিম বুলি কয় নৰেন্দ্ৰ মোদী য়ে।

দহ - আমি বৰ্তমান সময়ত দিল্লীত যেতিয়া শতাধিক কলনী বৈধ কৰিছোঁ আমি ধৰ্ম বা কোনটো দলক সমৰ্থন কৰিছে বুলি কাৰোবাক প্ৰশ্ন কৰিছোঁ নেকি?

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com