Begin typing your search above and press return to search.

দেশৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ বাবে মোদীৰ নিৰ্দেশ মন্ত্ৰীসভাক

দেশৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ বাবে মোদীৰ নিৰ্দেশ মন্ত্ৰীসভাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 12:01 PM GMT

দেশৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ বাবে মোদীৰ নিৰ্দেশ মন্ত্ৰীসভাক । দেশৰ উন্নয়নত অধিক গুৰুত্ব দিয়াৰ বাবে মোদীৰ নিৰ্দেশ মন্ত্ৰীসভাক। শনিবাৰে নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নমূলক প্ৰকল্পসমূহত অধিক গুৰুত্ব দিয়াৰ বাবে মন্ত্ৰীসকলক নিৰ্দেশ দিয়ে।দেশৰ নিবনুৱা সমস্যা সমাধান কৰাৰ বাবেও পদক্ষেপ লোৱাৰ বাবে বিশেষ নিৰ্দেশ দিয়ে মোদীয়ে।শনিবাৰে নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত অনুষ্ঠিত বিশেষ পৰ্য্যালোচনা সভাত উপস্থিত থাকে মোদী মন্ত্ৰী সভাৰ ৫৬ গৰাকী মন্ত্ৰী। মোদী মন্ত্ৰী সভাৰ এই বিশেষ বৈঠক শনিবাৰে পুৱা ১০:৩০ আৰম্ভ হয় আৰু সামৰণি পৰে ৬বজাত।

সভাখন সন্দৰ্ভত এজন শীৰ্ষ বিষয়াই কয় যে ,যদিহে মন্ত্ৰীসভাৰ ৫৬গৰাকী মন্ত্ৰীক ১০ মিনিটকৈ নিজৰ মতামত আগবঢ়াব দিয়ে তেন্তে মুঠ সময় লব ৫৬০ মিনিট। দুপৰীয়া ভোজনৰ সৈতে ৯ঘণ্টা মুঠ সময় লাগিব।কামৰ পয্যালোচনাৰ বাবে প্ৰতিটো মন্ত্ৰনালয়কে ৭ ৰ পৰা ৮ ঘণ্টা সময় লাগিব। সকলো মন্ত্ৰী দিল্লীস্থিত প্ৰবাসী ভাৰতীয় কেন্দ্ৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় ১০. ৩০ বজাত।

সূত্ৰ অনুসৰি পৰ্য্যালোচনা সভাত বিভাগৰ সমিল থকা মন্ত্ৰী সকলক এটা এটা গোটত ভাগ কৰা হয়। এই অনুসৰি কৃষি,গাওঁ উন্নয়ন,জল শক্তি,খাদ্য আৰু যোগান বিভাগ এটা গোটত আনফালে গৃহ আৰু প্ৰতিৰক্ষা বিভাগ এটা গোটত আৰু বিত্ত আৰু বাণিজ্য বিভাগ এটা গোটত অন্যহাতে দক্ষতা উন্নয়ন বিভাগ এটা গোটত ভাগ কৰা হয়। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ বাসীয়ে আমাক সমৰ্থন কৰি শাসনত পুনৰবাৰ বহুৱাইছে সেয়ে আমি দেশবাসীক যি প্ৰতিশ্ৰুতি দিছিলোঁ সেয়া পূৰণ কৰাৰ সময়। তেওঁ মন্ত্ৰী সকলক ৰাইজৰ প্ৰতি থকা নিজ দ্বায়িত্ব উপলব্ধি কৰাৰ বাবে আহ্বান জনায় আৰু উন্নয়নৰ কাম পূৰ্ণ গতিত কৰাৰ বাবে নিৰ্দেশ দিয়ে।পৰ্য্যালোচনা সভাত যোৱা ছয় মাহৰ বিভিন্ন মন্ত্ৰী সভাৰ কামৰ পৰ্য্যালোচনা কৰাৰ লগতে ভৱিষ্যত প্ৰকল্প সন্দভত আলোচনা কৰা হয়।

সভাত বিভাগীয় মন্ত্ৰীসকলে বিভাগৰ কাম পৰিকল্পনা আৰু আঁচনি অনুসৰি কৰিছেনে নাই তাৰ সমীক্ষা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে বিশেষ ভাবে ৰাজহুৱা কল্যান আঁচনি সমূহৰ পৰ্যালোচনা কৰে। কৃষকৰ আয় দুগুন কৰা,ঘৰে ঘৰে পানী যোগান আঁচনি,প্ৰত্যেকৰে বাবে গৃহ আঁচনি ,আয়ুষ্মান ভাৰত আদিৰ আঁচনি সমূহৰ কামৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক : কা- বিৰোধী আন্দোলনৰ মাজতে ৰাজ্যিক কেবিনেটৰ বিশেষ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Next Story
চাকৰি